লখিমপুৰৰ ঘূণাসুঁতিত টি এম পি কে নেতাক আক্ৰমণ, আহত চাৰিজন


লখিমপুৰ,১৪ জুলাই : লখিমপুৰ জিলাৰ ঘূণাসুতি উৰীয়াম তলাত এক ভয়ংকৰ আক্ৰমনত মিচিং জাতীয় সংগঠনৰ চাৰিজন নেতা আহত হয়। দুজন যুৱকৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত একাংশ লোকে আক্ৰমণ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়  মনোৰাম টাইড, দলিছন পায়েঙৰ লগতে বহু কেইজন সদস্য। এই আক্ৰমণত ঘূণাসুতি টি এম পি কেৰ  আঞ্চলিক সমিতিৰ সদস্য সকলক সাত-আঠজনীয়া এটা দলে আক্ৰমণ কৰে। ঘটনাত ৪জন সদস্য গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। টি এম পি কেৰ অভিযোগ যে তেওঁলোকৰ সদস্য সকলক কাটি পানীত পেলাই দিয়াৰ চেষ্টা কৰিছিল। সদস্য সকলে যেনেতেনে নদী পাৰ হৈ আঁতৰি আহি জীৱন ৰক্ষা কৰে। এই আক্ৰমণৰ ঘটনাত পুৰন্দৰ দাস, কেম্পা দাস, ৰমেন দাস, নিপেন দাস বাপকন দাস, খণ্টি দাস, লীলা চুতীয়া নামৰ লোক  সকল জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে টি এম পি কে নামৰ মিচিং জাতীয় সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে এখন ঘৰুৱা কাজিয়া মীমাংসা কৰিবলৈ গৈছিল আৰু তাতে একাংশ লোকে আক্ৰমণ কৰে সদস্য সকলক। এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এটা গোচৰ ৰুজু হৈছে। ঘটনাত গুৰুতৰ ভাবে আহত কেইজনক লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment