গুৱাহাটী,১৩ জুলাই : 'জাতি-মাটি-ভেটি ৰক্ষাৰ সপোন দেখুৱাই দুবাৰকৈ অসমৰ ক্ষমতা দখল কৰা বিজেপি চৰকাৰে জাতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰা নাই। তাৰ সলনি অসমীয়া জাতি, ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠীসমূহ তথা সামগ্ৰিকভাৱে এই ৰাজ্যৰ স্থায়ী বাসিন্দাসকলৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি আহিছে।' - এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এখন সংবাদমেলত কয় যে যি বিশ্বাস আৰু প্ৰত্যাশাৰে অসমৰ ৰাইজে বিজেপি দলক ভোট দি বাৰে বাৰে ক্ষমতাত বহুৱাই আহিছে, বিজেপি দলে সেই ভৰসা ভংগ কৰিছে, ৰাইজৰ আশাত চেঁচা পানী ঢালিছে। তেওঁ কয় যে কোনো এটা জাতীয় আৰু জনস্বাৰ্থড়িত বিষয়ৰ স্থায়ী সমাধান এই চৰকাৰখনে গ্ৰহণ কৰা নাই৷ কেৱল টুলুঙা বা সস্তীয়া মন্তব্য তথা অপ্ৰয়োজনীয় বিষয়ক লৈ ৰাজহুৱা মঞ্চসমূহত ৰাইজক আলোচনাত ব্যস্ত ৰাখি চৰকাৰী বৰমুৰীয়াসকলে মূল বিষয়সমূহৰ পৰা ৰাইজৰ ধ্যান আঁতৰোৱাৰ কামত নিজকে ব্যস্ত ৰাখিছে৷ অসম আৰু অসমীয়া জাতিৰ প্ৰতি বিজেপিৰ আন্তৰিকতা কিমান তাৰ নিদর্শন দাঙি ধৰি ভূঞাই কয় - 'বিজেপিয়ে অসমীয়া মানুহক বিশ্বাসঘাতকতা কৰি ৰাজ্যখনৰ জাতীয় সত্বা নিঃশেষ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ চলাই আহিছে ৷ তাৰেই অংশ হিচাপে অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক তথা সাংস্কৃতিক দৰ্শনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ নামত প্ৰৱৰ্তিত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটাটি বন্ধ কৰি দিলে ৷ তেওঁলোকে এফালে সনাতনী সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰো বুলি কয়, আনফালে গুৰুজনাৰ দর্শন আৰু আদর্শক অসন্মান কৰিবলোয়ো কুণ্ঠাবোধ নকৰে৷ আমাৰ দলে গুৰুজনাৰ আধাত্মিক, সামাজিক তথা সাংস্কৃতিক উদাৰ চিন্তা-চেতনা আৰু দর্শনক আধাৰ হিচাপে লৈ কাম কৰি আহিছে আৰু ভৱিষ্যতলৈয়ো কৰি যাব।' সংবাদমেত পি আৰ চি আৰু কলেজ শিক্ষক নিযুক্তিৰ প্ৰসংগৰ অৱতাৰণা কৰি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিজেপি দলৰ চৰকাৰে আৰম্ভণিৰে পৰা অসমীয়া তথা অন্য থলুৱা জাতি-জমগোষ্ঠীসমূহৰ ভাষা, সংস্কৃতি তথা অস্তিত্বৰ বিপৰীতে কাম কৰি অহাৰ অজস্ৰ উদাহৰণ আছে৷ সেয়া লাগিলে অসমীয়া মাধ্যমৰ ছহেজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম বাধ্যতামূলৰক কৰা, অসমীায়া মাধ্যমৰ বহু প্ৰাথমিক বিদ্যালয়ত বিহাৰ-উত্তৰ প্ৰদেশৰ শিক্ষক প্ৰাৰ্থীক নিযুক্তি দিয়া আদিয়ে হওক বা অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়নত পিঠি দিয়াই হওক৷ তেনে জাতি বিদ্বেষী কামৰ তালিকাত নতুনকৈ পি আৰ চি আৰু কলেজ শিক্ষক নিযুক্তিৰ বিষয়টো অন্তৰ্ভূক্তহে হ'ল৷
কলেজ শিক্ষক নিযুক্তিত স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰি অহাৰ দাবীৰ প্ৰসংগ উল্লেখ কৰি ভূঞাই কয় যে মুখ্যমন্ত্ৰীয়ে সততে সংগতিবিহীন কথা কৈ তেওঁৰ নিজৰে পদৰ মৰ্য্যাদা লাঘৱ কৰি থৈছে৷ এতিয়া আকৌ উল্লিখিত প্ৰসংগত পৰস্পৰবিৰোধী বক্তব্যৰে নিজৰ চৰকাৰৰ দুমুখীয়া চৰিত্ৰ উন্মোচন কৰি আছে৷ কিয়নো অসমৰ মহাবিদ্যায়ত বহিৰাজ্যৰ প্ৰাৰ্থী নিযুক্ত হোৱাৰ কোনো সুৰুঙা নাই বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰি আছে যদিও তেনে সুৰুঙা গ্ৰহণ কৰিয়ে বিজেপি চৰকাৰৰ দিনত কেইবাখনো কলেজ তথা বিশ্ব বিদ্যালয়ত অসমৰ স্থায়ী বাসিন্দা প্ৰাৰ্থীক বঞ্চিত কৰি পশ্চিম বংগ, ত্ৰিপুৰা আদি ৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্ত লাভ কৰাৰ বহু উদাহৰণ আছে৷ তেওঁ উদাহৰণ দাঙি ধৰি কয় যে শিলচৰৰ কাছাৰ কলেজৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপক পদত পশ্চিম বংগৰ মৈত্ৰী মান্না আৰু গণিত বিভাগৰ সহকাৰী অধ্যাপক পদত ত্ৰিপুৰাৰ পিয়ালি দেৱনাথে চাকৰি কৰি আছে। ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে চৰকাৰী চাকৰি স্থানীয় নিবনুৱাৰ বাবে সুৰক্ষিত কৰিব পৰাৰ এটা উদাহৰণ দাঙি ধৰি ভূঞাই কয় যে তামিলনাডুত ৰাজ্য চৰকাৰৰ যিকোনো চাকৰি সেই ৰাজ্যৰ থলুৱা বাসিন্দাৰ বাবে সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে চাকৰিৰ ক্ষেত্ৰত তামিল ভাষাৰ এখন প্ৰশ্নকাকতত উত্তীৰ্ণ হোৱাটো আইন কৰি বাধ্যতামূলক কৰিছে ৷ ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা এই আইন কাৰ্যকৰী হোৱা উক্ত ব্যৱস্থাৰ জৰিয়তে তামিলনাডুয়ে স্থানীয় লোকৰ বাবে চাকৰি ভাষাৰ জৰিয়তে সংৰক্ষণ কৰিছে ৷ কিন্তু অসমত বিজেপি চৰকাৰে এ পি এছ চিত থকা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনো প্ৰত্যাহাৰ কৰি চাকৰিৰ দুৱাৰ বহি:ৰাজ্যৰ প্ৰাৰ্থীৰ বাবেও মুকলি কৰি দিছে ৷ কলেজ-বিশ্ববিদ্যালয়ৰ চাকৰিও এতিয়া বহিৰাগতৰ হাতত। অসমত চৰকাৰী চাকৰি থলুৱাৰ বাবে সুৰক্ষিত কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰি ভূঞাই কয় যে একমাত্ৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰিলেহে চাকৰি সংৰক্ষণ কৰাটো সম্ভৱ৷ তেওঁ কয় - 'অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সমিতিৰ (বিপ্লৱ শর্মা কমিটী) প্ৰতিবেদন দাৰি-কমা কৰ্তন নকৰাকৈয়ে ৰূপায়ন কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ যুটীয়ে পিঠি দিলে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ ফলত উপায়ান্তৰ হৈ ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত উক্ত উচ্চস্তৰীয় কমিটীয়ে প্ৰতিবেদন জমা দিয়ে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ৷ কিন্তু আজিও অসম চুক্তিৰ ৬ নং দফাক লৈ প্ৰস্তুত কৰা সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত নপৰিল ৷ চৰকাৰে চুক্তি কাৰ্যকৰী কৰাৰ সলনি বিষয়টো বিবেচনা কৰিবলৈ ২০২১ চনৰ ১ অক্টোবৰত মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এখন কমিটী বনাই দি প্ৰতিবেদন দাখিল কৰিবলৈ ৩ মাহ সময়সীমা বান্ধি দিয়ে ৷ অৰ্থাৎ ২০২১ চনৰ ডিচেম্বৰ মাহতেই কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব লাগিছিল ৷ কিন্তু আজিও এই প্ৰতিবেদন প্ৰস্তুত হৈ নুঠিল ৷ ইয়াৰ পৰাই প্ৰমাণ হয় যে খিলঞ্জীয়াৰ সুৰক্ষা কেৱল বিজেপিৰ এটা ৰাজনৈতিক শ্ল’গান, ইয়াত তেওঁলোকৰ আন্তৰিকতা নাই ৷”
এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু ডিব্ৰুগড়ৰ সাংসদ সর্বানন্দ সোণোৱালৰ ভূমিকা আটাইতকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ভূঞাই কয় - 'আটাইতকৈ দুখলগা ভূমিকাটো হ’ল, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ ৷ তেওঁ অসম গণ পৰিষদৰ বিধায়ক হৈ থাকোতে, অসম বিধান সভাৰ ২০০৩ চনৰ শীতকালীন অধিৱেশনত মোৰ সৈতে যুটীয়াভাৱে সংকল্প প্ৰস্তাৱ দাখিল কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়নেৰে অসমক জম্মু-কাশ্মীৰৰ দৰে বিশেষ ৰাজ্যৰ মর্যাদা দি, খিলঞ্জীয়াৰ বাবে চাকৰি তথা বিধান সভা, লোকসভা তথা নিগম-নিকায় আদিৰ এশ শতাংশ আসন অসমীয়াৰ বাবে সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছিল ৷ সেইগৰাকী সোণোৱালে 'কা’ প্ৰৱর্তনত সন্মতি দিলে, বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনক ডাষ্টবিনত নিক্ষেপ কৰিলে ৷ সেয়েহে জাতিক প্ৰতাৰণা কৰাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ সর্বানন্দ সোণোৱালে পদত্যাগ কৰা উচিত ৷ নিজ চৰকাৰৰ কার্য্যকালত জাতিক সুৰক্ষিত কৰিব নোৱাৰা সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মা দুয়োজনেই অসমীয়া জাতিৰ ইতিহাসত খলনায়ক হৈ ৰ’ব এই কথা নিশ্চিত৷' অসমৰ বান-গৰাখহনীয়া সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দি ভূঞাই কয় - 'বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। কিন্তু ক্ষমতালৈ আহি প্ৰতিশ্ৰুতি পালনতো দূৰৰে কথা, অসমত যে বৃহৎ বানপানী হৈ এইবাৰ ২৯ খন জিলাৰ ২৪ লাখ লোক আক্ৰান্ত হৈছে, বহুজনে প্ৰাণ হেৰুৱাইছে, সেই কথাটো চৰকাৰীভাৱে স্বীকৃতি দিবলৈ টান পোৱা বিজেপিৰ শীর্ষ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত বান পানী নহয়, বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অসমবাসীক কার্যতঃ উপলুঙা কৰাৰ ধৃষ্ঠতা প্ৰদর্শন কৰাৰ পৰাই অসমবাসীৰ প্ৰতি বিজেপিৰ আন্তৰিকতা কিমান সেয়া স্পষ্ট হৈছে।' সংবাদমেলত দলৰ মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু তথ্য প্ৰযুক্তি সম্পাদক দেৱজিৎ চৌধুৰী উপস্থিত থাকে৷

0 Comments:
Post a Comment