লখিমপুৰত এন এইচ পি চি আৰু নীপকোৰ প্ৰকল্পই আনিছে জলপ্ৰলয়, বাঢ়নী পানীত বুৰিছে শ শ গাঁও



লখিমপুৰ,২ জুলাইঃ মুষলধাৰে হৈ থকা প্ৰৱল বৰষুণৰ পৰিপ্ৰেক্ষিতত উত্তৰ অসমত বানে সম্প্ৰতি প্ৰলয়ৰ সৃষ্টি কৰিছে। যাৰ পৰিণতিত লখিমপুৰ, ধেমাজিৰ শ শ গাঁও বানৰ কৱলত পৰিছে। ইফালে ভূতৰ ওপৰত দানহ পৰাদি নীপকোৱে ৰঙানদী প্ৰকল্প আৰু এন এইচ পি চিয়ে সোৱণশিৰি নদীত পানী এৰি দিয়াৰ ফলত নামনিত এনে জলপ্ৰলয়ৰ সূচনা হৈছে। সোৱণশিৰি পানীয়ে আজি পুৱাৰে পৰা মাজুলী, লখিমপুৰ আদিত প্ৰৱল বানৰ সৃষ্টি কৰাত ইয়াৰ জনসাধাৰণৰ লগতে পশুধন আৰু পোহনীয়া জীৱজন্তু সমূহ মহা সংকটত পৰিছে। সোৱণশিৰিৰ বাঢ়নী পানীয়ে তেলাহী মৌজাৰ ভীমপৰা মথাউৰিৰ তেলিয়া পথাৰত মথাউৰি বিপন্ন কৰি তোলাত নদীপৰীয়া লোকসকল আতংকিত হৈ পৰিছে। উল্লেখনীয় কথা যে এন এইচ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে আজি সদৰি কৰা অনুসৰি বিগত ১০ বছৰৰ পিছত এইবাৰ সোৱণশিৰি নদীত প্ৰতিছেকেণ্ডত ১২ হাজাৰ কিউবিক পানী বৈ যোৱাৰ ফলতে নামনিত বানৰ সূচনা হৈছে। সূত্ৰটোৱে দাবী কৰা অনুসৰি প্ৰতিবছৰে সোৱণশিৰিৰ বুকুৰে কেৱল ৫/৭ কিউবিক পানীহে প্ৰতি ছেকেণ্ডত বৈ যদিও এইবাৰ এক দশকৰ পিছত এনেদৰে প্ৰতি ছেকেণ্ডত ১২ হাজাৰ কিউবিক পানী বৈ গৈছে। প্ৰাপ্ত তথ্য অনুসৰি গোগামুখৰ চাউলধোৱাত থকা সোৱণশিৰিৰ পকী দলঙত আৰু গেৰুকামুখৰ পকী দলঙত দুটাকৈ চাইৰেণ আছে যদিও এন এইচ পি চি কতৃৰ্পক্ষই হওঁক বা প্ৰশাসনেই হওঁক কোনোৱে এই সংকেত নিদিয়াত নদীপৰীয়া লোকসকল নিমিষতে বানৰ কবলত পৰিব লগা হৈছে৷ তেনেদৰে এন এইচ পি চিয়ে ৮ খন গেটেৰে এই বৃহৎ জলৰাশি এৰি দিয়াৰ ফলত লখিমপুৰৰ বৃহৎ বৃহৎ অঞ্চল বিশেষকৈ ঘূঁনাসুতি, মহাইজান, ঘাগৰ কলাখোৱা, ৰন্তিজান, কুঁহিমাৰী, পটিয়া, ১১ মাইল আদি ঠাই সমূহত আজি পুৱাৰে পৰা প্ৰৱল বানৰ কবলত পৰিছে অৰ্ধশতাধিক গাঁও। এই গাঁও সমূহৰ সৰহ সংখ্যক পৰিয়ালৰ ঘৰত পানী সোমোৱাৰ লগতে কোনো কোনো ঠাইত ঘৰৰ মুধচ পৰ্যন্ত পানী উঠিছে। এই ঘৰসমূহৰ ভিতৰে বাহিৰে প্ৰচণ্ড সোঁতৰ সৃষ্টি হোৱাত ইয়াৰ জনসাধাৰণৰ লগতে পশুধন সমূহ জলবন্দী হৈ পৰিছে। একাংশ লোকে ওখ ঠাইত আশ্ৰয় লোৱাৰ লগতে পশুধন সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে যদিও এই পশুধন সমূহে খাদ্যৰ সংকটত পৰিছে। আনহাতে নাওবৈচাত শিঙৰা নদী, বোকানদীৰ লগতে মেনেহাৰ বাঢ়নী পানীয়ে এক বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷ বাঢ়নী পানীয়ে নাওবৈচা ৰাজহ চক্ৰৰ প্ৰায় ডেৰকুৰি গাঁও জলমগ্ন কৰি পেলাইছে। একেদৰে এন এইচ পি চিয়ে সোৱণশিৰিত পানী এৰি দিয়াৰ ফলত ঘূনাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত কলিয়নি, চন্দ্ৰপুৰ, বালিভেটা, নাহৰণি, উৰিয়ামতলা, মাধৱপুৰ, শগুণখোৱা, বৰচাপৰি আদি ৰাজহ গাঁও সমূহ জলমগ্ন কৰি তোলাত এই গাঁও সমূহত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তেনেদৰে ডিক্ৰং নদীত অৰুণাচলৰ পাৰে প্ৰকল্পই পানী এৰি দিয়াৰ ফলতো বিহপুৰীয়া ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে৷ আকৌ জিলাখনৰ পিছলা নদীয়ে ধলপুৰ মৌজাৰ পশ্চিম প্ৰান্তত শ শ গাঁও বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। তাৎপৰ্যপূৰ্ণ কথা যে ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত প্ৰায়বোৰ ৱাৰ্ডতে কৃত্ৰিম বানৰ সৃষ্টি কৰাত জনজীৱন ব্যাহত হৈ পৰিছে৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি সোৱণশিৰিৰ বলিয়া বানে কাষৰীয়া গাঁও সমূহৰ বিভিন্ন বয় বস্তুৰ লগতে পোহনীয়া পশু-পক্ষীসমূহ উটুৱাই নিয়াত কৃষিজীৱি লোকসকল কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে৷ লক্ষণীয় কথা যে জিলাখনৰ প্ৰায়বোৰ নদীয়েই এতিয়া বিপদ সীমাৰ ওপৰেৰে বাঢ়ি থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷  জিলাখনৰ শিঙৰা শিঙৰা নদীৰ প্ৰবল বানৰ কৱলত পৰি নাওবৈছা পেৰাভাৰী গাঁৱৰ পংকজ নেওঁগ নামৰ এজন যুৱক নিহত হয় । জানিব পৰা মতে যুৱকজনে পথাৰত কাম কৰি থাকোতে শিঙৰা নদীৰ বাঢ়নী পানীত পৰি মৃত্যু ঘটে।

এন এইচ পি চিৰ প্ৰতিক্ৰিয়া :

বৰ্তমান নামনি সোৱণশিৰি প্ৰকল্প সম্পূৰ্ণ নোহোৱাৰ বাবে নদীৰ প্ৰবাহৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। প্ৰকল্প সম্পূৰ্ণ হ'লে বাৰিষা কালত জলাধাৰ ১৫ মিটাৰ খালি ৰাখি ১২৪০০ ঘণমিটাৰ প্ৰতি চেকেণ্ডৰ বান আহিলে ৫৪০০ ঘণমিটাৰ প্ৰতি চেকেণ্ড পানী জলাধাৰত জমা কৰি নামনিলৈ ৭০০০ ঘণমিটাৰ প্ৰতিচেকেন্ড (সোৱণশিৰি নদীৰ নিৰাপদ প্ৰবাহ) পানী এৰি দি ২৪ ঘন্টালৈ বান নিয়ন্ত্ৰণ কৰিব পাৰিব। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment