ভয়াৱহ বানৰ কৱলত ৰাজ্য : লখিমপুৰত বানৰ তাণ্ডৱলীলা



লখিমপুৰ,২ জুলাই : মুষলধাৰ  বৰষুণৰ ফেনে-ফোটোকাৰে বাঢ়ি আছে লখিমপুৰ জিলাৰ বিভিন্ন নদীৰ পানী। ইয়াৰ সমান্তৰালকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে সোৱণশিৰি ৰঙানদীত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। জিলাখনত সোৱণশিৰি নৈৰ বাঢ়নী পানীয়ে লখিমপুৰত ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। সোৱণশিৰিৰ বাঢ়নী পানীয়ে সোৱণশিৰিৰ নামনি অংশৰ চন্দ্ৰপুৰ, ঘনচৰাই অঞ্চলৰ ঘৰ-বাৰী পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সমান্তৰালকৈ নৱনিৰ্মিত ভীমপৰা মথাউৰিটোৰ অস্তিত্বৰ প্ৰতি ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। নদীখনৰ জলস্তৰ বৃদ্ধিৰ লগে লগে বিপদ ঘণ্টা বাজিছে নৱনিৰ্মিত ভীমপৰা মথাউৰিটোলৈ। মথাউৰিটোৰ ৩৫ কিলোমিটাৰ অংশৰ ঘনচৰাই চন্দ্ৰপুৰ এলেকাত বৃহৎ বৃহৎ ফাট মেলাত সমগ্ৰ অঞ্চলবাসী আতংকিত হৈ পৰিছে। উল্লেখ্য যে ৩৫ কিলোমিটাৰ অংশৰ দাঁতিকাষৰীয়া ক্রমে চন্দ্রপুৰ, ন-আলি, ঘনচৰাই তথা হালধিয়াটী গাঁৱৰ ৰক্ষাকৱচস্বৰূপ সোঁ পাৰৰ মথাউৰিটোৰ কিছু অংশ যোৱা বছৰ নদীখনে বিচ্ছিন্ন কৰি নিয়াত শ শ পৰিয়ালৰ ঘৰ-ভেটি নদীখনৰ বাঢ়নি পানীত উছন যোৱাৰ লগতে হেজাৰ-হেজাৰ বিঘা কৃষিভূমি তচনচ হৈ পৰিছিল। এনে পৰিস্থিতিত বৃহত্তৰ তেলাহী অঞ্চলৰ ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ বাবে এক প্ৰকাৰ ৰক্ষাকবচস্বৰূপ এই ভীমপৰা মথাউৰিটোৰ খহনীয়া প্রতিৰোধ আৰু মথাউৰি সবলীকৰণৰ বাবে অসম চৰকাৰে ২৭ কোটি টকাৰ পুঁজি আবণ্টন দিছিল। পিচে জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবেই উক্ত খহনীয়া প্ৰতিৰোধী আঁচনিখন বৰ্তমান ব্যর্থ হৈছে। বৰ্তমান বছৰৰ প্ৰথমটো বানতেই আতংকিত হৈ পৰিছে নৈপৰীয়া জনসাধাৰণ। নৱনির্মিত মথাউৰিটোৰ চন্দ্ৰপুৰ-ঘনচৰাই অংশত বৰ্তমান বৃহৎ বৃহৎ ফাট মেলাত সোঁ পাৰৰ নৈপৰীয়া ৰাইজৰ লগতে বাঁওপাৰৰ ন-আলিৰ জনসাধাৰণো আতংকিত হৈ পৰিছে। মথাউৰি ছিগাৰ ভয়ত নৈপৰীয়া ৰাইজে অনিদ্রা অনাহাৰে কটাইছে দুর্বিষহ জীৱন। এইক্ষেত্রত জলসম্পদ বিভাগ আৰু জিলা প্রশাসনে তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰিব লাগিছিল যদিও তেনে কোনো ব্যবস্থা গ্রহণ কৰা অদ্যপি পৰিলক্ষিত হোৱা নাই। একেদৰে সাংসদ প্রদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাইয়ো উল্লিখিত আঁচনিখনত জলসম্পদ বিভাগটোৱে সংঘটিত কৰা কোটি টকীয়া আঁচনিখন সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰি অহা কার্যই ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে। সোৱণশিৰিৰ ভয়াবহ বানে বৃহত্তৰ ঘুনাসুঁতিত আজিও বান পৰিস্থিতি ভয়াবহ ৰূপত আছে । ইফালে আজি দ্বিতীয় দিনাও নাওবৈচাত বান পৰিস্থিতি অপৰিবৰ্তিত অৱস্থাত আছে। নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ গোসাঁনীবাৰী, ১নং গেলাহাটী, ২ নং গেলাহাটী, চেঙেলীজান আহোমণি, গড়ছিগা, শিঙৰাগাঁও, বৰচলা, মহঘুলি, পানধোৱা আদি বহু গাঁও আজিও পানী তলত। আজি শিঙৰা উভতনি বানে দক্ষিণ নাওবৈচাৰ লক্ষাধিক জনসাধাৰণৰ এক মাত্ৰ গুৰুত্বপূৰ্ণ পহুমৰা পকণীয়া সংযোগী লোক নিৰ্মান পথৰ শিঙৰা গাঁৱৰ অংশৰ প্ৰায় ৯০ শতাংশ পথটো উটুৱাই নিয়াত অঞ্চলতটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। আনহাতে বানাক্ৰান্ত অঞ্চলসমূহত বান হোৱা ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো জিলা প্ৰশাসনে কোনো ধৰণৰ বান সাহাৰ্য তথা পশু খাদ্য প্ৰদান নকৰাত বন্যাতৰ ৰাইজে দুৰ্ভোগ ভুগিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment