নতুন দিল্লীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক বৈঠক উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ



নিউজ ডেক্স,২১ জুলাই :  আজিৰে পৰা নতুন দিল্লীৰ 'ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰ'ত অনুষ্ঠিত হৈছে ইউনেস্কোৰ 'বিশ্ব ঐতিহ্য সমিতি'ৰ ২৬ সংখ্যক শীৰ্ষ বৈঠক। প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত ইউনেস্কোৰ অধীনৰ গুৰুত্বপূৰ্ণ সমিতিখনৰ এই শীৰ্ষ বৈঠকৰ অন্যতম কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত হৈছে অসমৰ চৰাইদেউৰ মৈদাম থলীকে ধৰি বিভিন্ন দেশৰ ২৭টা নতুন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰস্তাৱ সন্দৰ্ভত চূড়ান্ত বিবেচনাৰ বিষয়টোও। অহা ৩১ জুলাইলৈ চলিব লগা বিশ্ব ঐতিহ্য সমিতিৰ এই শীৰ্ষ বৈঠকখন দেওবাৰে সন্ধিয়া ভাৰত মণ্ডপমৰ 'প্লেনাৰী হ'ল লাউঞ্জ'ত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত ইউনেস্কোৰ সঞ্চালক প্ৰধান মিছ অউড্ৰে অঝ'উলেই, ভাৰতৰ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্যমন্ত্ৰী ৰাও ইন্দৰজিৎ সিং, কেন্দ্ৰীয় পৰ্যটন ৰাজ্যমন্ত্ৰী সুৰেশ গোপী আৰু বিশ্ব ঐতিহ্য সমিতিৰ বৰ্তমানৰ অধ্যক্ষ বিশাল ভি শৰ্মায়ো অংশগ্ৰহণ কৰে। বিশ্ব ঐতিহ্য সমিতিৰ এঘাৰ দিনীয়া  বৈঠকখন উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'প্ৰথমবাৰলৈ ভাৰতত হোৱা বিশ্ব ঐতিহ্য সমিতিৰ এই বৈঠক সমগ্ৰ ভাৰতবাসীৰ বাবেই এক গৌৰৱশালী উপলব্ধি। মই জানিবলৈ পাই অতি আনন্দিত হৈছো যে আমাৰ উত্তৰপূৰ্বাঞ্চলৰ পুৰণি চহকী ঐতিহ্যৰ অন্যতম নিদৰ্শন স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰৰ প্ৰস্তাৱেও  বিশ্ব ঐতিহ্য সমিতিৰ এই বৈঠকত চূড়ান্ত অনুমোদনৰ বাবে বিবেচনাৰ তালিকাত স্থান পাইছে। আহোম স্বৰ্গদেউৰ মৈদামৰ ঐতিহ্যই এইবাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অনুমোদন লাভ কৰিলে, এয়া হ'ব সাংস্কৃতিক সম্পদৰ শিতানত ভাৰতৰ ৪৩সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো সাংস্কৃতিক সম্পদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এয়া সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই অতি আশাৰ খবৰ। বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে বিশ্বত আমাৰ পুৰণি, চহকী সাংস্কৃতিক ঐতিহ্যৰ লোকপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰিব।' উল্লেখ যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতবৰ্ষৰ পৰা একমাত্ৰ প্ৰস্তাৱ হিচাপে প্ৰেৰণ কৰা অসমৰ চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰৰ প্ৰস্তাৱটিও চূড়ান্ত বিবেচনাৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ এই ৪৬সংখ্যক বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা পৰিবহণ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন, তথ্য প্ৰযুক্তি, আৱকাৰী আৰু মীন মন্ত্ৰী কেশৱ মহন্ত, খিলঞ্জীয়া বিশ্বাস আৰু কৃষ্টি (প্ৰত্নতত্ব) বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন বৰা আৰু সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে ৰাজ্যৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালক ড০ দিপীৰেখা কুলীয়েও ভাগ লয়। উল্লেখ্য যে, এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে ভাৰতকে ধৰি ২৭খন দেশৰ পৰা প্ৰেৰণ কৰা ২৭টা প্ৰস্তাৱ চূড়ান্ত বিবেচনাৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ এই বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে। এই প্ৰস্তাৱসমূহৰ ভিতৰৰে ১৮টা প্ৰস্তাৱ সাংস্কৃতিক সম্পদ শিতানৰ, ৪টা প্ৰাকৃতিক সম্পদ শিতানৰ, ৩টা মিশ্ৰিত সম্পদৰ প্ৰস্তাৱৰ লগতে দুটা পূৰ্বঘোষিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সীমা সংশোধনৰ প্ৰস্তাৱ। চূড়ান্ত বিবেচনাৰ বাবে সমিতিয়ে গ্ৰহণ কৰা ১৮ টা সাংস্কৃতিক সম্পদ বিষয়ক প্ৰস্তাৱৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত হৈছে চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম থলীৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবেলি ভাৰতৰ পৰা প্ৰেৰণ কৰা একমাত্ৰ প্ৰস্তাৱটি। আজি ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত আগ্ৰহ আৰু পৃষ্ঠপোষকতাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগৰ বাবেই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰস্তাৱটি বিশ্ব ঐতিহ্য সমিতিৰ শীৰ্ষস্তৰত বিবেচনাৰ এই পৰ্যায়ত উপনীত হৈছেহি। ইতিমধ্যে অসম চৰকাৰে সকলো চৰ্তাৱলী পূৰণ কৰাৰ পাছত বিশ্ব ঐতিহ্য সমিতিৰ এই শীৰ্ষ বৈঠকতে চৰাইদেউৰ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছো।' উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাকাৰী ইউনেস্কোৰ এই গুৰুত্বপূৰ্ণ সমিতিখনত এইবাৰ অধ্যক্ষ ৰাষ্ট্ৰ হিচাপে কাৰ্যনিৰ্বাহৰ সুযোগ লাভ কৰা  ভাৰতৰ বিশাল ভি শৰ্মাই ইয়াৰ কাৰ্যনিৰ্বাহক সমিতিৰ অধ্যক্ষ হৈ আছে। বিশ্ব ঐতিহ্য সমিতিৰ কাৰ্যকৰী সমিতিৰ সদস্য হিচাপে ২১খন সদস্য ৰাষ্ট্ৰসহ বিশ্বৰ ১৫০খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে নতুন দিল্লীত অনুষ্ঠিত এই ১১ দিনীয়া বৈঠকত ভাগ লৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment