এইবাৰ মেঘালয়ৰ 'ভইচ অৱ দ্য পিপল পাৰ্টি'ৰ সৈতে অসম জাতীয় পৰিষদৰ আলোচনা



গুৱাহাটী,২২ জুলাই : উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক একত্ৰিত কৰাৰ অসম জাতীয় পৰিষদৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে আজি মেঘালয়ৰ আঞ্চলিক দল 'ভইচ অৱ দ্য পিপল পাৰ্টি' ( মেঘালয় )ৰ সাংসদ ড° ৰিকি এণ্ড্ৰু জে চিংকনৰ সৈতে গুৱাহাটীত আলোচনা অনুষ্ঠিত কৰে জাতীয় পৰিষদৰ নেতৃত্বই।  দলৰ সভাপতি লুৰিণ জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু জ্যেষ্ঠ নেতা সকলে অংশগ্ৰহণ কৰা এই বৈঠকত অৰ্থনৈতিক উন্নয়ন, সাংস্কৃতিক আদান-প্ৰদান, সমাজ কল্যাণ আদি বিষয়ত ৰাজ্য দুখনৰ মাজত অধিক সহযোগিতা গঢ়ি তোলাৰ বিষয়ত আলোচনা কৰা হয়। উল্লেখযোগ্য যে ২০২১ চনত জন্ম লোৱা ভইচ অৱ দ্য পিপল পাৰ্টি'য়ে বিগত লোকসভা নিৰ্বাচনত শ্বিলং আসনত প্ৰতিদ্বন্দিতা কৰি দলৰ সাধাৰণ সম্পাদক ড° ৰিকি এণ্ড্ৰু জে চিংকনে মেঘালয়ৰ শাসনাধিষ্ট দল এন পি‌ পিক পৰাজিত কৰে। দলটোৱে মেঘালয়ৰ ৩৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৩২ টাতেই গৰিষ্ঠসংখ্যক ভোট লাভ কৰি শ্বিলং লোকসভা সমষ্টিত জয়লাভ কৰে।আজি অসম জাতীয় পৰিষদে সাংসদ ড০ ৰিকি এণ্ড্ৰুক সম্বৰ্ধনা জনায় আৰু ভবিষ্যতলৈ একে লগে কাম কৰাৰ বাবে মত পোষণ কৰে। এই সন্দৰ্ভত আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় - "মেঘালয়ৰ জনসাধাৰণৰ কণ্ঠ হিচাপে নিৰ্বাচিত হোৱা সাংসদ গৰাকীৰ সৈতে আলোচনা আৰম্ভ কৰি আমি ৰোমাঞ্চিত হৈছো।  আমাৰ সহযোগিতাই দুয়োখন ৰাজ্যৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰাৰ পৰিবেশ সৃষ্টি কৰিব।" দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসম জাতীয় পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ ক্ষেত্ৰত আজিৰ এই বৈঠক এক যোগাত্মক পদক্ষেপ। দলে এই পদক্ষেপ অব্যাহত ৰাখিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment