মূৰত চাউলৰ বস্তা লৈ মন্ত্রী ৰণজিৎ কুমাৰ দাস
গুৱাহাটী,২২ জুলাই : আজি বঙাইগাওঁৰ দোলাইগাঁৱস্থিত অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ পণ্যাগাৰত বিকেন্দ্ৰীকৃত শস্য সংগ্ৰহ ব্যৱস্থা অনুসাৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ দ্বাৰা সংগৃহীত ধানৰ পৰা প্ৰস্তুত চাউল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বিতৰণ প্ৰক্ৰিয়াৰ শুভ উদ্বোধন কৰা হয়। অসমত উৎপাদিত ধানৰ পৰাই সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।উক্ত অনুষ্ঠানত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱ জ্যোতি মৰলৰ লগতে নিগমৰ সঞ্চালক দিগন্ত দাসৰ লগতে বিষয়ববীয়া সকল উপস্থিত আছিল।


0 Comments:
Post a Comment