অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই



গুৱাহাটী,৩০ জুলাই : অসমৰ ৰাজ্যপাল হিচাপে আজি শপত গ্ৰহণ কৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক পেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ নিযুক্তি পত্র পাঠ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। ধূতি-পাঞ্জাৱী পৰিধান কৰি ৰাজ্যপালগৰাকীয়ে শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ অনুষ্ঠানটোত সপত্নীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ভালেসংখ্যক মন্ত্রী আৰু চৰকাৰী বিষয়া উপস্থিত আছিল। অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপালগৰাকীৰ পৰিয়ালৰ সদস্যও উপস্থিত আছিল। উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে আজি শপত গ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment