কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁইৰ : ৪ আগষ্টত পৰৱৰ্তী মেচ


নিউজ ডেক্স,৩১ জুলাই : পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দ্বী আছিল নৰৱেৰ ছুনিভা হফষ্টাড। এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত জয়ী হৈ পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত। আজিৰ মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দ্বী ছুনিভা হফষ্টাডে আৰম্ভণিৰ পৰা আক্ৰমণাত্মক খেল খেলিছিল যদিও লাভলীনাই অতি কৌশলপূৰ্ণভাৱে প্ৰতি মুহূৰ্ততে কেৱল সঠিক সুযোগলৈ অপেক্ষা কৰিছিল আৰু প্ৰতিটো সুযোগতে সঠিক পাঞ্চ কৰিবলৈ সক্ষম হৈছিল। লাভলীনাই এতিয়া পৰৱৰ্তী ৪ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই প্ৰৱেশ কৰিব ছেমি ফাইনেলত। মাত্ৰ এখন মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই লাভলীনাৰ এটা পদক নিশ্চিত। উল্লেখ্য যে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়েৰে ইতিহাস ৰচনা কৰা লাভলীনাক লৈ এইবাৰ সমগ্ৰ দেশবাসী আশাবাদী। সকলোৰে বিশ্বাস লাভলীনাই তেওঁৰ পূৰ্বৰ ব্ৰঞ্জৰ পদকক এইবাৰ স্বৰ্ণ পদকলৈ ৰূপান্তৰ কৰিব পাৰিব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment