অসমৰ পথ-পৰিবহণ খণ্ডৰ আঁচনিলৈ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ বিশেষ সাহাৰ্যৰ আশ্বাস নীতিন গাডকাৰীৰ




গুৱাহাটী,১ আগষ্ট : অসমৰ পথ পৰিবহণ আৰু জলপথ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই। বৃহস্পতি বাৰে সন্ধিয়া নতুন দিল্লীৰ আকবৰ ৰোডস্থিত চৰকাৰী বাসগৃহত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰি অসমৰ পৰিবহণ মন্ত্ৰী মহন্তই অসমৰ পৰিবহণ খণ্ডৰ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৰাজ্যৰ পৰিবহন সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত মেঘনিধি দাহালো উপস্থিত থকা এই আলোচনাত অসমত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নয়ন তথা আধুনিকীকৰণ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায় পৰিবহণ মন্ত্ৰী মহন্তই। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অনুৰোধত ইতিবাচক সঁহাৰি জনাই অসমত পথ পৰিবহন খণ্ড তথা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। অসমত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নয়ন বিষয়ক প্ৰস্তাৱৰ ক্ষেত্ৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে বিশেষ সাহাৰ্য  আঁচনি শিতানৰ পৰা পূৰ্ণ পৃষ্ঠপোষকতা আগবঢ়োৱা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে আলোচনাত অসমৰ পৰিবহণ মন্ত্ৰীগৰাকীক আশ্বস্ত কৰে। অসমত প্ৰতিখন জিলাৰ উপৰি গুৰুত্বপূৰ্ণ অঞ্চলসমূহতো অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলিৰ বাবেও কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে বিশেষ সহযোগিতা আগবঢ়াব বুলি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী মহন্তক জানিবলৈ দিয়ে। জিলাৰ উপৰি গুৰুত্বপূৰ্ণ অঞ্চলসমূহত এনে অত্যাধিক 'ড্ৰাইভিং ইন্সটিটিউট' স্থাপনত বিশেষ সহযোগিতা আগবঢ়োৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰালয়টোৱে অতি শীঘ্ৰে এক নতুন নীতিও ঘোষণা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। তদুপৰি পৰিবহণ ব্যয় হ্ৰাস হোৱাকৈ ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰত উদগণি যোগাই কেন্দ্ৰীয় চৰকাৰে নতুন নীতি যুগুত কৰা বুলি দোহাৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসমকো এই দিশত আগভাগ ল'বলৈ দিহা দিয়ে। 

অসমত জলপথ পৰিবহণ খণ্ডৰ ক্ষীপ্ৰ বিকাশকলৈ আজি বিয়লি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটস্থিত 'পৰিবহণ ভৱন'ৰ কাৰ্যালয়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এখন বৈঠকত মিলিত হয় ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত। এই আলোচনাত ৰাজ্যৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ সৈতে আছিল ৰাজ্যৰ পৰিবহন সচিব আদিল খান, পৰিবহন আয়ুক্ত মেঘনিধি দাহালৰ লগতে এছটেকৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱা। এই বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আই ডব্লিউ এ আই) অধ্যক্ষ বিজয় কুমাৰ, উপাধ্যক্ষ সুনীল কুমাৰৰ লগতে সাগৰমালা প্ৰকল্প প্ৰমুখেও অংশ গ্ৰহণ কৰে। বৈঠকত অসমৰ পৰিবহণ মন্ত্ৰী মহন্তই আভ্যন্তৰীণ জলপৰিবহণৰ উপৰি জলপথেৰে সামগ্ৰী পৰিবহনৰো প্ৰধান জলপথ হিচাপে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক যথোচিত ভাৱে বিকশিত কৰাৰ লগতে প্ৰয়োজনীয় অত্যাধুনিক পাৰঘাট (জেট্টী) নিৰ্মাণ কাৰ্য খৰতকীয়াকৰণ আৰু জলপথৰ গভীৰতা বৃদ্ধিৰ বাবে শীঘ্ৰে খননকাৰ্য চলোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক অনুৰোধ জনায়। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰালয়টোৰ বিষয়াসকলক তাৎক্ষণিক ব্যৱস্থা ল'বলৈ বৈঠকতে নিৰ্দেশ দিয়াৰ লগতে অতি শীঘ্ৰে ড্ৰেজিং কৰ্পোৰেচন অৱ ইণ্ডিয়াই ব্ৰহ্মপুত্ৰ নদীৰ লগতে বৰাক নদীতো নিয়মীয়া খননকাৰ্য আৰম্ভ কৰিব বুলি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী মহন্তক অৱগত কৰে। একেদৰে মাজুলীৰ কমলাবাৰী আৰু অফলামুখ পাৰঘাট দুটাৰ পৰা নিমাতীঘাটৰ মাজৰ জলপথ দুটাতো বছৰৰ সকলো সময়তে সুষম জলপৰিবহণ সুনিশ্চিত কৰিব পৰাকৈ জলপথৰ গভীৰতা বৰ্তাই ৰাখিবলৈ নিয়মীয়াকৈ খনন চলোৱাৰ বাবে শীঘ্ৰে এখন ড্ৰেজাৰ আগবঢ়োৱা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠকত প্ৰকাশ কৰে। তদুপৰি কাজিৰঙাক কেন্দ্ৰ কৰি শিলঘাট-তেজপুৰ-বিশ্বনাথৰ মাজত পৰ্যটকৰ বাবে জলপৰিবহণ প্ৰকল্প গ্ৰহণ, গুৱাহাটী-শুৱালকুছি আৰু গুৱাহাটী-পবিতৰা আভ্যন্তৰীণ পৰ্যটন প্ৰকল্প আদিৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ সহযোগিতা বিচাৰি মন্ত্ৰী মহন্তই জনোৱা অনুৰোধো বিবেচনাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই বিষয়ত ৰাজ্য চৰকাৰৰ পৰা প্ৰস্তাৱ বিচাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰালয়টোয়ে 'হৰিৎ নৌকা' আঁচনিৰ অধীনত অসমৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ৯ খন অত্যাধুনিক জাহাজ ইলেক্ট্ৰনিক জাহাজলৈ ৰূপান্তৰণৰ জৰিয়তে অসমৰ আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাক আধুনীকিকৰণত সহযোগিতা আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। নতুনকৈ দুখন ইলেকট্ৰনিক কাটামাৰাণ জাহাজো শীঘ্ৰে অসমক কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ফালৰ পৰা আগবঢ়োৱা হ'ব বুলি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ঘোষণা কৰে। অসমত জলপথেৰে সামগ্ৰী পৰিবহন ব্যৱস্থা শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়টোৱে বিশেষ ব্যৱস্থা লোৱাৰ বিষয়ে জানিবলৈ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে গংগা নদীত মন্ত্ৰালয়টোৱে নিৰ্মাণ কৰাৰ দৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দুয়োপাৰে থকা গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ মাজত জলপথ-যোগাযোগ স্থাপন কৰিব পৰাকৈ দুয়োপাৰে উন্নত পাৰঘাট স্থাপনৰ দিশটোও বিশেষ ভাৱে বিবেচনা কৰি থকা বুলি অৱগত কৰে। এইক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ বিভাগৰ পৰাও প্ৰয়োজনীয়  সহযোগিতা বিচাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। আনহাতে জলপথ পৰিবহণ ব্যৱস্থাটো নিৰাপদ হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে জলপৰিবহণ খণ্ডত নিয়োগৰ সুবিধা পাবলৈ দক্ষতা আহৰণ কৰিব পৰাকৈ আধুনিক জলপথ পৰিবহণৰ কাৰিকৰী দক্ষতাসম্পন্ন চালক-পৰিচালক তথা মানৱসম্পদ বিকশিত কৰাৰ বাবে অসমত এখন ৰাষ্ট্ৰীয়মানৰ অত্যাধুনিক নৌকাপৰিবহণ তথা জাহাজ পৰিবহণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (নেভিগেছন ইন্সটিটিউট) স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বিশেষ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে অসমৰ পৰিবহণ মন্ত্ৰী মহন্তই।

আনহাতে নতুন দিল্লীত আজি কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙকো সাক্ষাৎ কৰে অসমৰ মীনমন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াৰ সৈতে সন্ধিয়া সংসদ ভৱনত কেন্দ্ৰীয় মীনমন্ত্ৰী সিঙক দেখা কৰি অসমৰ মীন খণ্ডৰ আধুনিকীকৰণকলৈ আলোচনাত মিলিত হয়। এই বৈঠকত ৰাজ্যখনত উন্নত মানৰ মীন উৎপাদনৰ লগতে গুণগত মানৰ মাছৰ খাদ্য উৎপাদনৰ বৃহৎ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ বিশেষ সহায় বিচাৰে অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই। কেন্দ্ৰীয় মীন মন্ত্ৰী গৰাকীয়ে অসমত মীনখণ্ডৰ বিকাশ তথা আধুনীকিকৰণৰ দিশটো মন্ত্ৰালয়টোৰ ফালৰ পৰা অতি গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি অসমৰ মীনমন্ত্ৰীগৰাকীক আশ্বাস প্ৰদান কৰে। উন্নতমানৰ মাছৰ পোনা উৎপাদন আৰু সঠিক গুগমান সম্পন্ন মাছৰ খাদ্য উৎপাদনৰ বৃহৎ প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি অসম চৰকাৰৰ ফালৰ পৰা জনোৱা অনুৰোধ মন্ত্ৰালয়ে বিবেচনা কৰিব বুলি দোহাৰি কেন্দ্ৰীয় মীনমন্ত্ৰী সিঙে অহা ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব বুলিও ৰাজ্যৰ মীনমন্ত্ৰী মহন্তক অৱগত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সিঙে অসমৰ মীনক্ষেত্ৰৰ উন্নয়নৰে জড়িত দিশসমূহকলৈ কাইলৈ আগবেলা কেন্দ্ৰীয় মীনসচিবক অসমৰ মীনমন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবৰ লগতে ৰাজ্যৰ মীন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ এটা দলৰ সৈতে বিতং ভাৱে আলোচনাত মিলিত হ'বলৈ নিৰ্দেশ দিয়ে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment