স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্ব বাঢ়িছে : নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশনত অজিত কুমাৰ ভূঞা


লখিমপুৰ,৮ জুলাইঃ 'নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে স্বাধীনচিতীয়াকৈ কাম কৰি আহিছে। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব জন্ম লগ্নৰে পৰা এক সবল ভূমিকা পালন কৰি সচেতন চিন্তাধাৰাৰে বিভিন্ন গঠনমূলক কাৰ্য্যত ব্ৰতী হৈছে। স্বতন্ত্ৰ মিডিয়াক মই সন্মান কৰো। ইয়াৰ কৰ্মকৰ্তাসকল স্বতন্ত্ৰ মিডিয়াৰ মানুহ।' - এই মন্তব্য বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ  ভূঞাৰ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি অজিত কুমাৰ ভূঞাই এইদৰে কয়। প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতীয়ে। লখিমপুৰৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি, দল সংগঠনৰ বিষয়ববীয়া আৰু প্ৰেছ ক্লাবৰ সদস্যসকলৰ উপস্থিতিত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই উদাত্ত কন্ঠৰে  ভাষণ প্ৰদান কৰি কয় - 'দেশত এতিয়া মূল সুঁতিৰ সংবাদ গোষ্ঠীৰ পৰিৱৰ্তে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ( ইণ্ডিপেণ্ডেন্ট মিডিয়া) গুৰুত্ব বাঢ়িছে। দেশত এতিয়া সন্ত্ৰাসৰ ৰাজত্ব চলিছে গণতন্ত্ৰৰ নামত। মানুহক ভয় খোৱাই সত্যৰ পৰা আতৰাই ৰাখিব খোজা হৈছে। সাংবাদিক সকলৰো উপাই নোহোৱা হৈছে।' চৰকাৰী যন্ত্ৰৰ সংবাদ মাধ্যমৰ ওপৰত থকা হেঁচা আৰু স্বাধীনতা হৰন কৰিব খোজা পৰিবেশৰ বিষয়ে উল্লেখ কৰি এই হাতোৰাৰ পৰা সংবাদ মাধ্যম মুক্ত হ'ব পাৰিব লাগিব বুলি কয়। সভাত লখিমপুৰৰ সমাজজীৱনলৈ বিভিন্ন ক্ষেত্রত বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্য ব্যক্তিক প্ৰেছ ক্লাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। মুকলি সভাত প্ৰকৃতিবিদ দেৱজিৎ ফুকনে অংশ গ্ৰহণ কৰে। কন্ঠশিল্পী ড০ শংকৰ পাটোৱাৰীয়ে অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখ্য যে ১৯৮৯ চনত স্থাপিত উত্তৰ অসমৰ অন্যতম শক্তিশালী সংগঠিত প্ৰেছ ক্লাব 'নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব'ৰ দ্বি বাৰ্ষিক অধিবেশনৰ দেওবাৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীত পুৱা ৯ বজাত প্ৰেছ  ক্লাবৰ সভাপতি কুমুদ বৰুৱাই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত  বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমণি ফুকনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ আনটাইড পুঁজিৰে ২৫ লাখ টকা ব্যয় সাপেক্ষে ক্লাবৰ দ্বিতীয় মহলাত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটো দিনৰ ১০.৩০ বজাত উদঘাটন কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনীধৰ বৰুৱাই। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক  মানৱ ডেকাই আজি পেক্ষাগৃহটোৰ দ্বাৰ মুকলি কৰাৰ কথা আছিল যদিও স্বাস্থ্যজনিত কাৰনত তেওঁ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত বিধায়ক ডেকাৰ হৈ জিলা বিজেপিৰ সভাপতি গৰাকীয়ে নৱনিৰ্মিত পেক্ষাগৃহৰ দ্বাৰ উদঘাটন কৰে। দিনৰ ১১ বজাত প্ৰাক্তন, জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে প্ৰেছ ক্লাবৰ সদস্যসকলৰ  অন্তৰংগ আলাপ অনুষ্ঠিত হয়। অন্তৰংগ আলাপ অনুষ্ঠানত জেষ্ঠ সাংবাদিক হাৰনুল ৰছিদ, আবু চৈয়দ খান, জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতী, অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমনি ফুকন, প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি শৈলেন বৰুৱা প্ৰমুখ্যে বিষয়ববীয়া, সদস্য সকল, আমন্ত্ৰিত অতিথি সকলে অংশ গ্ৰহণ কৰি অতীতৰ সাংবাদিকতা, কৰ্মক্ষেত্ৰত লাভ কৰা ভিন্নধৰ্মী অভিজ্ঞতা, বৰ্তমান সংবাদসেৱা আৰু সংবাদক্ষেত্ৰখনৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বান সম্পৰ্কে আলোকপাত কৰে। সন্ধিয়া  প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়। বিষয় বাচনি সভাত কুমুদ বৰুৱাক সভাপতি, কৰুণা কৃষ্ণ নাথক সম্পাদক, কুমুদ শইকীয়াক কাৰ্য্যকৰী সভাপতি, বুবুল হাজৰিকা, দ্বিপেন বৰাক উপ সভাপতি নিৰ্বাচিত কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment