বিলাসী জীৱন : হাথৰছৰ ভোলে বাবাৰ সম্পত্তি দেখি চকু কপালত আৰক্ষীৰ


নিউজ ডেক্স,৪ জুলাই : হাথৰছৰ সৎসংগত পদপিষ্ট হৈ ১২১ জন লোকৰ মৃত্যুৰ পিছত ইটোৰ পিছত সিটোকৈ নাৰায়ণ সৰকাৰ হৰিৰ নামত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। হাথৰছৰ এই স্বঘোষিত গডমেনজন ভোলে বাবা নামেৰেই জনপ্ৰিয়। এইজন ভণ্ডবাবা বিশাল সম্পত্তিৰ গৰাকী। আনহাতে নাৰায়ণ সৰকাৰ হৰি ওৰফে ভোলে বাবাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আছে। তেওঁ ২৩ বছৰ পূৰ্বে এগৰাকী মৃত নাবালকক পুনৰ জীৱিত কৰাৰ দাবী কৰি গ্ৰেপ্তাৰ হৈছিল। এইবাৰ তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু নথি। আৰক্ষী সূত্ৰত প্ৰকাশ যে বুধবাৰে জব্দ কৰা নথি-পত্ৰৰ পৰা ভোলে বাবাৰ বিপুল সম্পত্তি থকাৰ প্ৰমাণ পোৱা গৈছে। উত্তৰ প্ৰদেশৰ মইনপুৰীত তেওঁৰ ১৩ একৰ মাটিত পাঁচ তাৰকাযুক্ত আশ্ৰম আছে। ইয়াৰ বজাৰ মূল্য ৪ কোটি টকা। মইনপুৰীৰ এই বিলাসী আশ্ৰমখন ২১ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে। আশ্ৰমৰ কোঠাবোৰত পাঁচ তাৰকাযুক্ত হোটেলৰ সুবিধা আছে। ভোলে বাবাৰ বাবে আছে ছটা কোঠা। আন ছটা কোঠাত সমিতিৰ সদস্য আৰু স্বেচ্ছাসেৱকসকল থাকে। তেওঁলোকেই বাবাৰ সৎসংগৰ আয়োজন কৰে। ইয়াতেই শেষ নহয় তেওঁৰ বিলাসী জীৱনৰ কথা। ব্যক্তিগত কোঠাৰ উপৰিও আশ্ৰমত আছে এটা বিশাল কেফেটেৰিয়া। নাৰায়ণ সৰকাৰ হৰিৰ দাবী যে তিনি-চাৰি বছৰ আগতে এই আশ্ৰমৰ মাটি উপহাৰ হিচাপে পাইছিল। নথি অনুসৰি সুৰয পল ওৰফে নাৰায়ণ সৰকাৰ হৰি বা ভোলে বাবাৰ আন একাধিক ভূমি সম্পত্তি আছে। বিদেশতো তেওঁৰ নামত আশ্ৰম আছে। হাথৰছৰ ফুলাৰী গাঁৱৰ সৎসংগত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ বিষয়ে মুকলিকৈ কৈছে নাৰায়ণ সৰকাৰ হৰিয়ে। ভোলে বাবাই মৃতকৰ শোক প্ৰকাশ কৰি কয় - ‘মই দুৰ্ঘটনাৰ পূৰ্বেই সেই স্থান এৰি থৈ আহিছিলোঁ।’ তেওঁ দাবী কৰে যে এই দুৰ্ঘটনাৰ বাবে সমাজবিৰোধীসকলে দায়ী। ১২১ জন লোকৰ প্ৰাণ হেৰুৱা ঘটনাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ পি সিঙক নিযুক্ত কৰিছে। 



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment