লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ


লখিমপুৰ,৬ জুলাই : মন্ত্ৰী ডা: ৰণোজ পেগুৱে আজি লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্ত সকল, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, জিলা খনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ আৰম্ভনিতে জিলাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জিলাখনত এতিয়ালৈকে বানত  ক্ষতিগ্ৰস্ত হোৱা সকলো বিষয় সন্নিৱিষ্টকৰণেৰে এক বিস্তৃত প্ৰেজেণ্টেশ্যন দাঙি ধৰা হয়। উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা নৈ সমূহৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ জিলাখনৰ বহু অঞ্চল প্ৰভাৱিত কৰিছে। শুকুৰবাৰে পৰ্যন্ত জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ অধীনৰ ৩৪৯খন গাঁৱ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। জিলা খনৰ প্ৰায় ১,৬৯,০১৬ সংখ্যক জনসাধাৰণ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি ৫,০৩১হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। জিলা খনৰ ৭৪,৩১৮ টা সৰু-বৰ পশুধন বানত আক্ৰান্ত হোৱাৰ উপৰি ৩টা পশুধন বানে উটুৱাই নিয়ে। জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ এতিয়ালৈকে মুঠ ৩৯ টা গৃহ সম্পূৰ্ণকৈ অথবা আংশিক ভাৱে বিনষ্ট হৈছে। বানত এতিয়ালৈকে লোক নিৰ্মাণ বিভাগৰ ৪১টা পথ, ২খন দলং, ১০টা দলঙৰ এপ্ৰোচ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি জলসম্পদ বিভাগৰ ৪টা মথাউৰি অলপ ক্ষতিগ্ৰস্ত হৈছে। তদূপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ১৭টা কৃষি বান্ধ/সুৰক্ষা বান্ধ ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ ২৯খন বিদ্যালয়, ২৫টা অঙ্গনৱাড়ী কেন্দ্ৰ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৪টা পানী যোগান আঁচনি বানত আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত অঞ্চলত  এতিয়ালৈকে ৫টা আশ্ৰয় শিবিৰ স্হাপন কৰাৰ উপৰি ৮১টা বান সাহায্য কেন্দ্ৰ মুকলি কৰি খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। বৈঠকত অধ্যক্ষতা কৰি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে সম্পূৰ্ণ উদাৰ, মানৱীয় দৃষ্টিভংগীৰে তথা দায়বদ্ধতাৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম-কাজ কৰাৰ বাবে বিষয়া বৰ্গক আহ্বান জনায়। তেওঁ ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকলক যৌথভাবে বৈঠকত মিলিত হৈ পুনৰ সংস্থাপনৰ কাম তদাৰক কৰাৰ বাবে কয় যাতে কোনো প্ৰকৃতাৰ্থত বানাক্ৰান্ত ব্যক্তি বা পৰিয়াল বান সাহায্যৰ পৰা বাদ নপৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment