লখিমপুৰৰ ঘুনাসুঁতিত বান সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ
লখিমপুৰ,৯ জুলাই : লখিমপুৰৰ ঘুনাসুঁতিত বান সাহাৰ্য্য বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ অভিযোগ যে উক্ত বৃহৎ পৰিমাণৰ চাউল লাট মণ্ডল আৰু গাওঁ প্ৰধানে মিলি বিক্ৰী কৰি ধন আত্মসাৎ কৰিলে। এই সন্দৰ্ভত আজি স্থানীয় ৰাইজে এই সকলৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ পত্ৰ দাখিল কৰিছে লখিমপুৰ আয়ুক্ত আৰু লখিমপুৰ ৰাজ চক্ৰ বিষয়াক। জানিব পৰা মতে যোৱা ৪ জুলাইত লখিমপুৰ জিলা ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা উত্তৰ লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ অধিনস্ত ঘৃনাসুঁতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাজহ গাওঁ সমূহলৈ প্রায় ২৩৫ কুইন্টল চাউল, ৪৪.০৬ কুইন্টল দাইল, ১২ কুইন্টল নিমখ আৰু ১৩২২ লিটাৰ মিঠা তেল বানপানীত সম্পূর্ণ ক্ষতিগ্রস্ত লোক সকলৰ কাৰণে আৱন্টন দিয়া হৈছিল। উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দায়িত্বত থকা লাট মণ্ডলৰ লগতে তিনিওঁজন গাওঁপ্রধান আৰু কেইজনমান স্থানীয় ব্যক্তিৰ সহযোগত ৪৭০ বেগ চাউলৰ পৰা কেবল মাত্র ৩৬০ বেগ চাউল ৰাজহ গাওঁসমূহৰ মাজত বিতৰণ কৰা হয়। বাকী ১১০ বেগ চাউল লাট মণ্ডল আৰু তিনিওঁজন গাওঁপ্ৰধানৰ লগতে কেইজনমান স্থানীয় ব্যক্তিয়ে মিলি আত্মসাৎ কৰাৰ অভিযোগ তোলে ৰাইজে । এই ক্ষেত্ৰত ঘুনাসুঁতিৰ এজন সচেতন ব্যক্তিয়ে ইয়াৰ এক তদন্ত বিছাৰি লখিমপুৰ আয়ুক্ত উত্তৰ লখিমপুৰ ৰাজ চক্ৰ বিষয়াক পত্ৰ দাখিল কৰিছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰিব সেয়াই হ'ব লক্ষণীয়।

0 Comments:
Post a Comment