৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো সন্ধান ওলোৱা নাই অবিনাশ সৰকাৰৰ



গুৱাহাটী,৬ জুলাই : হৃদয় বিদাৰক। অত্যন্ত দুখজনক। গুৱাহাটীৰ নুনমাটি অঞ্চলৰ ভৱানীপুৰৰ শ্যাম নগৰৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী হৰিলাল সৰকাৰৰ আঠ বছৰীয়া সন্তানৰ আজিও কোনো সন্ধান নোলাল। বৃহস্পতিবাৰে নিশা পিতৃৰ সৈতে ঘৰলৈ গৈ থকা অৱস্থাতে নলাত পৰি কৃত্রিম বানত উঠি নিখোঁজ হৈ পৰিছিল অবিনাশ সৰকাৰ। বিগত কেইদিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এইপৰ্যন্ত শিশুটিৰ কোনো সন্ধান পোৱা নাই। পাগলৰ দৰে হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃ। আজি পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানেও অব্যাহত ৰখা উদ্ধাৰ অভিযানৰ  স্বচক্ষে বুজ লয়। দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজনৰ পিতৃ-মাতৃৰ কাষত উপস্থিত হৈ এই দুৰ্দিনৰ সময়ত দুৰ্ভগীয়া পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু উদ্ধাৰকাৰী দলক  নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রীয়ে। এই ঘটনাই সকলোকে ব্যথিত কৰি তোলিছে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment