বিশিষ্ট সাংবাদিক পবিত্ৰ বৰালৈ জয়ছিং হাঞ্চে স্মাৰক বঁটা
হাওৰাঘাট,৯ জুলাই : বিশিষ্ট সাংবাদিক পবিত্ৰ বৰালৈ আগবঢ়োৱা হৈছে জয়ছিং হাঞ্চে স্মাৰক বঁটা। কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ বিশিষ্ট সাহিত্যিক-সাংবাদিক পবিত্ৰ বৰালৈ ২০২৪ বৰ্ষৰ বাবে কলা-সাহিত্য আৰু সংস্কৃতিৰ জগতখনলৈ বিশেষ অৱদান আগবঢ়াই অহা বাবে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জৰিয়তে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বঁটা ২১ জুলাই দিনৰ ১০ বজাত ডিফুৰ লুৰুলাংছ'স্থিত ৰাংছিনা ভৱনত প্ৰদান কৰা হ'ব। উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি, উপ সভাপতি, প্ৰধান সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য, কাৰ্বি লামেত আমেইৰ সভাপতি প্ৰমুখ্যে কৰি জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব। পূৰ্বতে জয়ছিং হাঞ্চে বঁটা প্ৰাপক সকল আছিল ক্ৰমে বীৰেন সিংহ, বসন্ত দাস, ড° ফুকন চন্দ্ৰ ফাংচ', যজ্ঞোৰাম গগৈ, লুঞ্চে তিমুং আদি বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বোকাজানত জন্ম গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰাই সৰুৰে পৰাই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহি আজি ডিফু চহৰখনৰ বাসিন্দা হৈ এগৰাকী সুপৰিচিত লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । বিশিষ্ট সাহিত্যিক পবিত্ৰ বৰাই প্ৰথমে চিমেণ্ট ফেক্টৰীত আৰু ইয়াৰ পিছতে শিক্ষকতা কৰাৰ পাছত পৰবৰ্তী সময়ত সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰা বৰাই সাংবাদিকতাৰ মাজেৰে বহু মূল্যৱান গ্ৰন্থ প্ৰকাশেৰে পিছলৈ ঘূৰি চাবলৈ সময়েই নোপোৱাকৈ আগবাঢ়ি গৈ ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ সমাজ হিতৈষী জয়ছিং হাঞ্চে স্মাৰক বঁটাৰ বাবে তেওঁ নিৰ্বাচিত হৈছে ।

0 Comments:
Post a Comment