লখিমপুৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ : গ্ৰেপ্তাৰ ২, ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ
লখিমপুৰ,২৫ আগষ্ট : অসমীয়া যুৱ মঞ্চৰ নেতৃত্বত লখিমপুৰ বোৱালগুৰি হাতীলুং বাইপাত শতাধিক পুৰুষ মহিলাই ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বোৱালগুৰি, হাতীলুং, যোৰহটীয়া আদি বিভিন্ন অঞ্চলৰ পুৰুষ মহিলাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ওলাই আহি ধৰ্ষণকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচী দিয়াৰ দাবী জনাই বাইপাছৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সাধাৰণ সম্পাদক অনুপম শইকীয়াই।প্ৰতিবাদকাৰী সকলে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ফুকনৰহাটৰ এটা মছজিদত আজান দিয়া শিশু নিৰ্যাতনকাৰী ধৰ্ষণৰ চেষ্টা কৰা মাতাব আলিৰ ফাঁচীৰ দাবী উত্থাপন কৰে । উল্লেখ যে মাতাব আলিয়ে তেওঁ আজান দিয়া মছজিদৰ এলেকাৰ এগৰাকী ৯ বছৰীয়া কিশোৰীক ১৪ আগষ্টত ধৰ্ষণৰ চেষ্টা কৰিছিল। কিশোৰীগৰাকীয়ে পাঞ্জাখানাত আবেলি চাৰি বজাত আৰবিক শিক্ষা গ্ৰহণ কৰিব গৈছিল। উক্ত সময়ত ঠাইখিনিত কোনো নথকাৰ সুবিধা লৈ চেগ বুজি কণমানি ছোৱালীজনীক অসৎ ভাবেৰে বুকুট ধৰি টানি লৈ ধৰ্ষণৰ চেষ্টা কৰে। কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত মাতাব আলি পলায়ন কৰেঁ এই কথা কিশোৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰাত মাতৃ ৰুবেনা বেগমে পানীগাঁও থানাত গোচৰ ৰুজু কৰি ন্যায় বিছাৰে। আৰক্ষীক এজাহাৰ দিয়াৰ খবৰ গম পাই মাতাব আলি পলায়ন কৰি আছিল। আজি পানীগাঁও থানা মাতাব আলিক গ্ৰেপ্তাৰ কৰে। নাৰী নিৰ্যাতনৰ গোচত একে গাঁৱৰ হাফিজ আলিকো গ্ৰেপ্তাৰ কৰে পানীগাঁও আৰক্ষীয়ে।


0 Comments:
Post a Comment