এ পি ডি চি এলৰ বিৰুদ্ধে 'শৱযাত্ৰা' কাৰ্যসূচীৰে আছুৰ প্ৰতিবাদ


লখিমপুৰ,২৭ আগষ্ট : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত স্মার্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগ আৰু এ পি ডি চি এলৰ বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ সন্থাই 'শৱযাত্ৰা' কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া সদৌ  লখিমপুৰ জিলা ছাত্র সন্থাৰ সভাপতি ক্ষিৰোদ দুৱৰা, সাধাৰণ সম্পাদক  পুনম জ্যোতি বুঢ়াগোহাঁইয়ে কয় -   'বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক অতিশায্য চলোৱাৰ লগতে অভাবনীয় বিদ্যুৎ মাদুল বৃদ্ধি কৰিছে আৰু অনিয়মীয়া বিদ্যুৎ যোগান ধৰিছে। ইয়াৰ প্রতিবাদত আজি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ  শৱযাত্রা কার্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰৰ বিদ্যুৎ বিভাগটোৱে স্মার্ট মিটাৰৰ নামত জনসাধাৰণৰ  পৰা অভাবনীয়ভাবে অধিক মাত্ৰাত  কৰ সংগ্ৰহ কৰিছে। সাম্প্রতিক সময়ত স্মটি মিটাৰে মানুহৰ মাজত এক আতংকময় পৰিবেশ সৃষ্টি কৰিছে। ইয়াৰ লগতে অধিক মাত্রাত  পূর্বৰ তুলনাত অসম চৰকাৰখনে বিদ্যুৎৰ  বিল বঢ়াই দিছে। বিজেপি চৰকাৰখনে নির্বাচনৰ সময়ত ৰাইজক প্রতিশ্রুতি দিছিল যে অসমত বিদ্যুৎ যোগান ২৪ ঘণ্টাই পাব। কিন্তু এতিয়া এয়া এটা সাথৰত পৰিণত থৈছে। মুখ্যমন্ত্রী গৰাকীয়ে ডাঙৰ ডাঙৰ ভাষণ দি হাঁহিৰ খোৰাক দিবলৈ সক্ষম হৈছে। কিন্তু বিদ্যুৎ বিভাগৰ এনেকুৱা পৰিস্থিতিয়ে ৰাইজক জ্বালা-কলা খোৱাই হাৰাশাস্তি কৰিছে।'

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment