মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ দাবী বিৰোধী ঐক্য মঞ্চৰ, দিছপুৰ থানাত ৰুজু কৰিব গোচৰ


গুৱাহাটী,২৭ আগষ্ট : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক তথা অসাংবিধানিক বক্তব্যৰ লগতে নিজকে পগলা কুকুৰৰ লগত ৰিজাই জনপ্ৰতিনিধি হিচাপে নিজৰ মৰ্যাদা হানি কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওচৰত দাবী জনাইছে। সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে মুখ্যমন্ত্ৰীজনে বিধানসভাৰ বাহিৰে-ভিতৰে যি সাম্প্ৰদায়িক বক্তব্য আগবঢ়াই আছে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ২৮ আগষ্টত দিছপুৰ থানাত বিৰোধী ঐক্য মঞ্চই গোচৰ ৰুজু কৰিব। লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ হিচাপ বৰ্হিভূত সা-সম্পত্তিৰ তদন্ত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই দেশৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি আবেদন কৰিব। আজি এক সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাই এই কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে ১৮টা ৰাজনৈতিক দলৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকল এখন বৈঠকত মিলিত হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, অজিত কুমাৰ ভূঞা, অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, চিপিএমৰ নেতা সুপ্ৰকাশ তালুকদাৰ, বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ প্ৰমুখ্যে নেতৃত্বই সংবাদমেলত অংশগ্ৰহণ কৰে। লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এজন উন্মাদপ্ৰায় ব্যক্তি আৰু তেওঁৰ হাতত অসম সুৰক্ষিত নহয়। অসমৰ জাতি-জনগোষ্ঠীৰ সুৰক্ষাৰ কথা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও সমাধান হোৱাতো নিবিচাৰে। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে আৰু হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগাবলৈ অপচেষ্টা অব্যাহত ৰাখিছে। সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীজনে দিক-বিদিক হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰে। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াৰ সমস্যা সমাধান হোৱাটো নিবিচাৰে বুলিও তেওঁ কয়। সাংসদ অজিত কুমাৰ ভূঞাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬নং দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈয়ো কৰিব নোৱাৰিলে। নিজৰ সা-সম্পত্তি সুৰক্ষাত ব্যস্ত থকা মুখ্যমন্ত্ৰীজনৰ সকলো সম্পত্তিৰ তালিকা শীঘ্ৰেই ৰাজহুৱা কৰা হ’ব বুলিও তেওঁ কয়। ইফালে বিৰোধী ঐক্য মঞ্চৰ সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগ নতুন তথ্য সংযোজনেৰে পুনৰ প্ৰকাশ কৰিবলৈকো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সংহতি বিনষ্ট হ’ব পৰা কাৰ্যৰ পৰা সকলো পক্ষকে আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিশেষকৈ নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱা বুলি সমালোচনা কৰা হয়। অসমৰ সকলো জাতীয় সংগঠনৰ লগত বিৰোধী দলসমূহে আলোচনাত মিলিত হোৱাৰো এক প্ৰস্তাৱ সভাত আলোচনা হয়। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, চিপিআইএম দলৰ বিবেক দাস, এনচিপিৰ ৰাজ্যিক সভাপতি জিতেন্দ্ৰ নাথ বৰা, এপিএইছএলচিৰ জন ইংতি কাথাৰ, পিএলপিৰ চৰণ ডেকাৰ লগতে সোণোৱাল কছাৰী গণমঞ্চৰ নেতাসকলে নিজৰ বক্তব্যত সকলো ৰাইজকে বৰ্তমান পৰিস্থিতিত সংযমতা ৰক্ষা কৰি চলিবৰ বাবে আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment