মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

গুৱাহাটী,২৮ আগষ্ট : সাম্প্ৰদায়িক বিষবাষ্পৰে অসমৰ জাতি-জনগোষ্ঠীক উত্তেজিত কৰিব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিৰোধী ঐক্য মঞ্চই। মুখ্যমন্ত্ৰীজনে সদনৰ বাহিৰে-ভিতৰে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি বিশেষকৈ হিন্দু-মুছলমান, উজনি-নামনি আদিৰ দ্বাৰা সাধাৰণ লোকক প্ৰৰোচিত কৰাৰ অপচেষ্টা অব্যাহত ৰখা বুলি অসমৰ ১৮ টা বিৰোধী ৰাজনৈতিক দলে গভীৰ আশংকা প্ৰকাশ কৰে আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে আজি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম জাতীয় পৰিষদ, অসম জাতীয় দল, চিপিআইএম, চিপিআইএমএল, ৰাইজৰ দল, এপিএইছএলচি, পিএলপি আদি দলসমূহৰ প্ৰতিনিধিয়ে দিছপুৰ গণেশ মন্দিৰৰ পৰা আৰক্ষী থানালৈকে সমদল কৰি দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে আৰু এজাহাৰৰ প্ৰতিলিপিৰ প্ৰাপ্তি স্বীকাৰ কৰাই লয়। কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, চিপিআইএমৰ জ্যেষ্ঠ নেতা ইছফাকুৰ ৰহমান, এনচিপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা প্ৰমুখ্যে নেতাসকলে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ লগতে অপশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু তৎকালে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনায়। ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ৰ সংশোধনী ধাৰা ৬১, ১৯৬ আৰু ৩৫/২ৰ বিধিমতে অসমৰ মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুলন হেৰুৱাইছে আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। নিজকে বলীয়া কুকুৰ বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীজনক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি আৱদ্ধ কৰি নৰখাতো সাধাৰণ মানুহৰ বাবে ভয়ংকৰ কথা বুলি উল্লেখ কৰি আৰক্ষীক তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ হিন্দু-মুছলমানৰ মাজত সংঘাত লগাবৰ বাবে অপচেষ্টা চলোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৰুতৰ অভিযোগ কৰে। বৰাই কয় যে বিধানসভাৰ বাহিৰে-ভিতৰে মুখ্যমন্ত্ৰীজনে সাংবিধানিক পদ মৰ্যাদা লাঘৱ হোৱা কথা-বাৰ্তাৰে ৰাইজক ভীকিগ্ৰস্ত কৰি ৰাখিছে। একেদৰে বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ বাবে বিপদজনক হৈ পৰিছে বুলি উল্লেখ কৰি কয় যে এই মানুহজনে ৰাজ্যখনৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শিৱসাগৰত বিজেপিৰে নেতৃত্বই শ্ৰমিকক মাৰ-ধৰ কৰা আৰু জ্যেষ্ঠ লোকক প্ৰশাসনৰ সমুখত আঁঠু কঢ়াই সন্মান লাঘৱ কৰা বিষয়টো অসমীয়া জাতীয় সংস্কৃতি আৰু পৰম্পৰা বিৰুদ্ধ বুলি উল্লেখ কৰে। সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ অবাধ সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ কৰে। বিৰোধী ঐক্য মঞ্চৰ সজাতী দলটোৱে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এজাহাৰ দাখিল কৰাতে ক্ষান্ত নাথাকি অসমৰ ৰাজ্যপাল আৰু দেশৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী জনাবলৈ ইতিমধ্যে ৰাজ্যপালৰ সাক্ষাৎ বিচাৰি যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে। ৰাজ্যপালগৰাকী অসমৰ বাহিৰত থকাত তেওঁৰ কাৰ্যালয়ৰ লগত বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই যোগাযোগ অব্যাহত ৰাখিছে আৰু অসমত হ’ব পৰা যিকোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ঘৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ’ব বুলি আশংকা প্ৰকাশ কৰে। সাংসদ অজিত কুমাৰ ভূঞাই ড০ হিমন্ত বিশ্ব শৰ্মাক এজন খিলঞ্জীয়া বিৰোধী নায়ক বুলি অভিহিত কৰে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱৰা হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন ধৰি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হৈ থকাৰ পিছতো অসমৰ পৰা এজনো বিদেশী খেদিব নোৱাৰিলে। এইজন মুখ্যমন্ত্ৰী শুদ্ধ এখন এনআৰচি থলুৱাৰ স্বাৰ্থত প্ৰকাশ কৰিব নোৱাৰিলে। এইজন মুখ্যমন্ত্ৰীয়ে ৬নং দফা কাৰ্যকৰী কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে এক ডাঙৰ বোজা হৈ পৰিছে বুলি সাংসদ ভূঞাই উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment