স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় কঁপালে কংগ্ৰেছে


গুৱাহাটী,২৮ আগষ্টঃ স্মাৰ্ট মিটাৰৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ তেজ শোহা বন্ধ কৰিবৰ বাবে চৰকাৰক সকীয়াই দিছে কংগ্ৰেছে। আজি ৰাজ্যখনৰ কেবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলাত স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে প্লে-কাৰ্ড আৰু বেনাৰ লৈ কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, অসমৰ ৰাইজৰ তেজ শোষণ কৰিবলগীয়া নহ’ব, কংগ্ৰেছে তেজ দিব কিন্তু স্মাৰ্ট মিটাৰ চলিবলৈ নিদিব, হিমন্ত বিশ্ব মূৰ্দাবাদ আদি ধ্বনিৰে গুৱাহাটীৰ ছয়মাইলত থকা এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰে। দীৰ্ঘসময় ধৰি এপিডিচিএলৰ কাৰ্যালয়ৰ সমুখত কংগ্ৰেছ কৰ্মীসকলে ধৰ্ণা দিয়ে আৰু আৰক্ষীৰ বেহু ফালি এপিডিচিএলৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায়। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত ছয়মাইলত শ শ কংগ্ৰেছ কৰ্মীয়ে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। জালুকবাৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আজি কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ছয়মাইলত কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰ বন্ধ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে। কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে গাঁৱৰ ৰাইজৰ কষ্টোপাৰ্জিত ধন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লুণ্ঠন কৰিবলৈ দিয়া নহ’ব। আদানিক ধনী কৰিবলৈ চৰকাৰে অসমৰ সাধাৰণ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি শোষণ কৰিব বিচাৰিছে। কংগ্ৰেছ নেতা বিপুল গগৈ, কুশল শৰ্মা, সম্বিত শৰ্মা, মৌচুমী নেওগ, বিপুল চক্ৰৱৰ্তীতে ধৰি বিভিন্নজনে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী সমদলক নেতৃত্ব দিয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ লগত সহযোগিতা কৰাতো আছিল অন্যতম লক্ষণীয় দিশ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment