গুৱাহাটী,২৯ আগষ্ট : পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। পহিলা ছেপ্তেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য তিনি টকাকৈ বৃদ্ধি পাব। সেই হিচাপত প্ৰতি লিটাৰ গাখীৰৰ মূল্য হ'ব ৬৭ টকা। তিনি টকা বৃদ্ধিৰ পাছত পাইকাৰী মূল্য হ'ব প্ৰতি লিটাৰত ৬৪.৪০ টকা। বৰ্ত্তমান পাইকাৰী মূল্য ৬১.৪০ টকা। বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই। আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত নেপালী মন্দিৰ চৌহদত এখন সংবাদমেল সম্বোধন কৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ নেতৃত্বই। সংবাদমেলত সন্থাৰ মুখ্য উপদেষ্টা পদম বাচনেটে কয় - 'গো-ধনৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে গো-পালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ প্ৰসংগত দুগ্ধ ব্যৱসায়ী সন্থাৰে কেইবালানি আলোচনা হৈছিল। সন্থাই ১ জুনৰ পৰা ১৬ আগষ্ট লৈ বন্ধ কৰি ৰাখিছিল গাখীৰৰ যোগান। আলোচনাৰ মাধ্যৰে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২.৬০ টকাকৈ বৃদ্ধি কৰিছে। এই বৃদ্ধি ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। সাম্প্ৰতিক সময়ত গৰুৰ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হয়। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকা বৃদ্ধি কৰিছে। যাৰ ফলত গাখীৰৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৬৭ টকা হ'ব আৰু পাইকাৰী মূল্য হ'ব ৬৪.৪০ টকা। এই ক্ষেত্ৰত আমি সকলোৰে সহযোগীতা কামনা কৰিছো। আমি ব্যৱসায়ীৰ লগতে সাধাৰণ জনতাক এই মূল্যৰ এপইচাও বেছি নিদিয়াৰ বাবে আহ্বান জনাইছো। কোনো কোনো লোকে সুবিধা গ্ৰহণ কৰি অধিক মূল্য আদায় কৰাৰো অভিযোগ আছে। কিন্তু কোনেও অতিৰিক্ত মূল্য দিব নালাগে। কিবা থাকিলে আমাক অৱগত কৰিব পাৰিব।' সংবাদমেলত সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।
গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য

0 Comments:
Post a Comment