অস্তিত্বৰ সংকটত বহু ইতিহাসৰ সাক্ষী দীঘলী বিল


লখিমপুৰ,২৮ আগষ্ট : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে লখিমপুৰৰ বিভিন্ন নদ-নদী, বিল-জলাশয়ৰে পৰিপূৰ্ণ। এই ক্ষেত্ৰত লখিমপুৰ জিলাৰ নাওবৈচাবাসীক বহু পৌৰাণিক তথা ইতিহাস প্ৰসিদ্ধ বিল জলাশয়ে  প্ৰাকৃতিক ভাৱে সুৰক্ষা প্ৰদান কৰি আহিছে। নাওবৈচাৰ এনে বিল জলাশয়সমূহৰ ভিতৰত অতি পৌৰাণিক তথা ইতিহাস প্ৰসিদ্ধ এখন বিল হল দীঘলবিল। এই দীঘলীবিলে ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই দক্ষিণ নাওবৈচাৰ বঙালচুক, টকৌগুৰি, ৰৌদোং, গোসাঁনীবাৰী, গেলাহাটী আদি গাঁৱৰ ৰাইজক দি আহিছে প্ৰাকৃতিক সুৰক্ষাৰ লগতে নানান ধৰণৰ থলুৱা প্ৰজাতিৰ মাছৰ সোৱাদ। কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই পৌৰাণিক বিলখন একাংশ সন্দেহজনক লোকে যোৱা এমাহৰ পৰা অবৈধভাৱে মৎস্য চিকাৰ কৰি বহু দুষ্পাপ্য মাছ-কাছ জলজপ্ৰাণীলৈ ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে  অঞ্চলটোৰ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ২০১৮ চনৰ পৰাই দীঘলীবিলক সুৰক্ষা দি অহাৰ লগতে চৰকাৰীভাৱে ডাকমুক্ত কৰি বৰ্তমান হেৰাই যাৱ ধৰা বহু থলুৱা প্ৰজাতিৰ মাছ যেনে চেনীপুঠী, চেঙা, শাল, ককীলা মাছকে ধৰি বৰ্তমান হেৰাই যাৱ ধৰা বহু দুষ্পাপ্য মাছ বিলখনত এৰি দি সংৰক্ষণৰ ব্যৱস্থা কৰিছিল লগতে বিলখনৰ পাৰত বিভিন্ন ধৰণৰ গছপুলি ৰোপনও কৰি আহিছে। স্থানীয় ৰাইজৰ লগতে বহু কেইজন  প্ৰকৃতিবিদে দীঘলীবিল খনক সুৰক্ষা দিয়াৰ স্বাৰ্থত সকলো ৰাইজৰ জ্ঞাত হোৱাকৈ বিলখনৰ ছয়টা স্থানত জাননীফলক স্থাপন কৰিছিল যদিও এটা দুষ্ট চক্ৰই এই ফলক সমূহ ভাঙি যিকোনো সময়ত মৎস্য চিকাৰ কৰি বিলখনক মৃত্যুমুখলৈ ঠেলি দিছে।  সংৰক্ষিত ঐতিহাসিক বিলখনত যোৱা এমাহ ধৰি একাংশ সন্দেহজনক লোকে অবৈধভাৱে  মৎস্য চিকাৰ কৰাৰ ফলত বিলখনক লৈ স্থানীয়লোক চিন্তিত হৈ পৰে যদিও একো ব্যৱস্থা লব পৰা নাছিল। বিগত এসপ্তাহে বিলতখনত ধাৰাবাহিকভাৱে শ শ লোক নামি মাছ ধৰাৰ ফলত বহুবিৰল প্ৰজাতিৰ মাছ মৰি বিলত ওপঙি উঠিছিল। বিগত দিনৰ দৰে মঙলবাৰে প্ৰায় দুই-তিনিশ  সন্দেহজনক লোকে বিলখনত অবৈধভাৱে মৎস্য চিকাৰ কৰিবলৈ আহিছিল। স্থানীয় লোকে এইসকলক লোকক বিলত মাছ ধৰাৰ বাবে বাধা দিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল। পিছত স্থানীয় ৰাইজে এই কথা  নাওবৈচা আৰক্ষী চকীত খৱৰ দিয়ে। অৱশেষত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন গগৈ তৎপৰতা এটি আৰক্ষী দল  আহি মাছমৰীয়াসকলক বিলৰ পৰা খেদি পঠিয়াই। লগতে মাছমৰীয়াসকলৰ পৰা প্ৰায় ৬০-৭০ খন মাছ ধৰা জাল আৰু কেইবাটাও পলহ জব্দ কৰি নাওবৈচা আৰক্ষী চকীলৈ লৈ আহে। ইতিমধ্যে বিলখনত অবৈধভাৱে মৎস্য চিকাৰ কৰাৰ সন্দৰ্ভত আৰক্ষী বিষয়া গৰাকীয়ে নাওবৈচা ৰাজহ চক্ৰৰ বিষয়া গৰাকীক অৱগত কৰিছে। আজি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে  বিলখন পৰিদৰ্শন কৰি এই সকল লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক অৱগত কৰে। আনহাতে বৃহত্তৰ অঞ্চলটোৰ এক সম্পদ ৰূপে পৰিগণিত এই ঐতিহাসিক বিলখন ৰক্ষণাবেক্ষণ বাবে জিলা আয়ুক্ত গৰাকীক বিশেষ ব্যৱস্থা লবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment