শুকুৰবাৰৰ জুম্মা নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তিসাধন


গুৱাহাটী,৩০ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি সামৰণিৰ দিনা এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৃটিছৰ দিনৰ পৰা চলি অহা এক পৰম্পৰাৰ আজি সদনত সৰ্বসন্মতিক্ৰমে বিলুপ্তি সাধন ঘটোৱা হয়। এতিয়াৰে পৰা আৰু শুকুৰবাৰে নামাজৰ বাবে পূৰ্বতে থকা দুঘণ্টাৰ বিৰতি নাথাকে। আন দিনাৰ দৰেই শুকুৰবাৰেও নিয়মীয়াকৈ সদন পৰিচালিত হ'ব। বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। এই সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনে কয় - 'চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এটা নিয়মৰ আজি সদনত বিলু্প্তি ঘটোৱা হয়।বিধানসভাৰ অনাগত অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। সদনত বিধায়ক আমিনুল ইছলামে বিষয়টো উত্থাপন কৰিছিল। শুকুৰবাৰে ১১.৩০ বজাৰ নামাজৰ বাবে বিধানসভাৰ অধিৱেশনত বিৰতি দিয়াৰ ব্যৱস্থা বৃটিছৰ দিনৰে পৰা চলি আহিছিল। দেশৰ কোনো ৰাজ্যতে এনে ব্যৱস্থা নাই। অৱশেষত অসম বিধানসভায়ো চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এই ব্যৱস্থাৰ অৱসান ঘটায়। সদনত সৰ্বসন্মতিক্ৰমে এই ডাঙৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে মই অধ্যক্ষক ধন্যৱাদ জ্ঞাপন কৰিছো। বিধানসভাৰ নিয়মাৱলীৰ ৰুল-১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটোৱা হৈছে। এই সিদ্ধান্তত কোনেও আপত্তি কৰা নাই।' উল্লেখ্য যে অসম বিধানসভাৰ অধিৱেনৰ সময়ত শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম বৃটিছৰ দিনৰে পৰা চলি আহিছিল। এই নিয়মৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত আজি সৰ্বসন্মতি ক্ৰমে সদনত গ্ৰহণ কৰা হয়। পৰৱৰ্তি অধিৱেনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব।



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment