হিমন্ত বিশ্ব শৰ্মাৰ দিনত থলুৱাৰ হাতৰ পৰা ওলাই গৈছে ভূমিৰ অধিকাৰ : অসম জাতীয় পৰিষদ


গুৱাহাটী,৩১ আগষ্ট : ভূমি সম্পৰ্কীয় নতুন আইন প্ৰণয়নেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে খিঞ্জীয়াৰ ত্ৰাণকৰ্তা হিচাপে অভিহিত কৰাৰ সময়তে অসম জাতীয় পৰিষদে কিছুমান প্ৰাসংগিক বিষয়ৰ অৱতাৰণা কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ সততা আৰু আন্তৰিকতাৰ উপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে মুখ্যমন্ত্ৰীয়ে যিবোৰ কামৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সংৰক্ষিত হ'ব বুলি কৈ আহিছে, প্ৰকৃততে সেইবোৰ ভেকোভাওনাহে৷ চৰকাৰৰ কাম-কাজে ভূমিৰ ওপৰত থলুৱাৰ অধিকাৰ নিশ্চিত কৰাৰ সলনি থলুৱাৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নিশ্চিন্নহে কৰিব বুলি মত প্ৰকাশ কৰি জাতীয় পৰিষদৰ নেতাসকলে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি প্ৰকৃতপক্ষে খিলঞ্জীয়াৰ হিত বিচাৰে, তেনেহ'লে অসম চুক্তিৰ ৬নং দফা আৰু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰাৰ্শাৱলী ৰূপায়িত কৰক৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপসভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া চন্দ্ৰকান্ত দাসে আজি এক সংবাদ মেলত কয় যে অসম বিধান সভাৰ শেহতীয়া অধিৱেশনত ভূমি সম্পৰ্কীয় এখন নতুন আইন পাৰিত কৰোৱাই মুখ্যমন্ত্ৰী শৰ্মাই এইবুলি কৈছিল যে এই আইনখনে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ ভূমি বহিৰাগতৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিব৷ কিন্তু প্ৰকৃতপক্ষে বিজেপি চৰকাৰে ইয়াৰ বহু পূৰ্বেই খিলঞ্জীয়াৰ মাটি পুঁজিপতি বনিয়া গেষ্ঠীৰ হাতত তুলি দিয়াৰ আইনগত সুবিধা কৰিয়ে থৈছে৷ ৰাজ্যৰ ভূমি সম্পৰ্কীয় আইন-কানুন সম্পৰ্কীয় বিষয়ৰ বিশেষজ্ঞ হিচাপে খ্যাত, প্ৰাক্তন আই এ এছ বিষয়া দাসে কয় যে অসমৰ থলুৱাৰ হাতৰ মাটি যাতে কোনো ডাঙৰ উদ্যোগপতি-ধনী ব্যক্তিয়ে কিনি থলুৱা কৃষকক লাওলোৱাত পৰিণত কৰিব নোৱাৰে, তাৰ বাবে বৃটিচৰ দিনৰে পৰা এটা নিয়ম চলি আহিছে৷ সেয়া হ'ল কোনো কৃষকৰ মাটি অনা কৃষকে কিনিব নোৱাৰিব বা কৃষি ভূমি ঔদ্যেগিক বূমিলৈ পোনপটীয়াভাৱে পৰিৱৰ্তন কৰিব নোৱাৰিব৷ তেনে কৰিবলৈ হ'লে জিলা উপায়ুক্তৰ অনুমোদন লব লাগিব৷ কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনত গুৱাহাটীৰ পৰা উত্তৰ পাৰে টিহুলৈ আৰু দক্ষিণপাৰে কুকুৰমাৰালৈ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষৰ মাটিখিনি ঔদ্যোগিক এলেকালৈ ৰূপান্তৰ কৰি উক্ত বাদা আঁতৰাই পেলোৱাৰ পৰিণতি স্বৰূপে এতিয়া শ্ৰীৰামপুৰৰ পৰা তিনিচুকীয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ বেছিভাগ মাটি বহিৰাগত বনিয়া গোষ্ঠীয়ে কুক্ষিগত কৰি পেলালে ৷ আনহাতে, আগতে যিকোনো ব্যক্তিয়ে মাটি কিনাৰ পূৰ্বে জিলা উপায়ুক্তৰ পৰা আগতীয়া অনুমতি লোৱাৰ নিয়ম আছিল৷ কিন্তু বিজেপি চৰকাৰে পঞ্জীয়ন আইন সংশোধন কৰি এই ব্যৱস্থা প্ৰত্যাহাৰ কৰি পেলায়৷ "এতিয়া যিকোনো মানুহে অসমৰ মাটি কিনিব পাৰে, কোনো বাধা নাই ৷ আনকি আফগানিস্তানৰ তালিবানেও আহি অসমত মাটি কিনিব পাৰিব ৷" - দাসে কয়৷ অসম জাতীয় পৰিষদ ভৱিষ্যতলৈ ক্ষমতাৰ অংশীদাৰ হ'লে প্ৰথম কেবিনেটতে উল্লিখিত সিদ্ধান্ত প্ৰত্যাহাৰ কৰি পূৰ্বৰ নিয়ম ঘুৰাই আনিব বুলি দাসে কয়৷ আনহাতে সদ্যসমাপ্ত অসম বিধানসভাত জনসাধৰ জীৱন-জীৱিকাৰ বিষয়বোৰ আলোচনা হোৱাৰ সলনি "মিঞাৰে আৰম্ভ হৈ নামাজেৰে শেষ" হোৱা বুলি মত প্ৰকাশ কৰি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিব খোজা হ'লে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শাৱলী ৰূপায়ন কৰিলেহেতেন৷ কাৰণ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনতহে অসমীয়া মানুহৰ সামাজিক আৰু  ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ সাংবিধানিক বিধি ব্যৱস্থা প্ৰণয়নৰ ৰূপৰেখা দিয়া হৈছিল৷ অথচ উক্ত প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰাই নাই বুলি বিধান সভাত চৰকাৰে উত্তৰ দিছে ৷ এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমীয়া বিৰোধী গোপন অভিসন্ধিৰ স্পষ্ট প্ৰকাশ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই "বিলুপ্ত হ'বলৈ ধৰা অসমীয়া সভ্যতা ঘুৰাই অনা"ৰ হকে কাম কৰাৰ প্ৰসংগ উনুকিয়াই ভূঞাই কয়, "তাৰ মানে অসমীয়া সভ্যতা বিলুপ্ত হৈ পৰা বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিলে ৷ তেওঁ নিজে ৩৩ বছৰ ধৰি শাসনৰ বাঘজৰীত থকা অৱস্থাত অসমীয়া সভ্যতা বিলুপ্ত হ'বলৈ পালে কেনেকৈ? এয়া তেওঁৰ নিজৰে ব্যৰ্থতা নহয় জানো?" স্বৰ্গদেও চাওলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণৰ সৌৰ্য্য-বীৰ্য্যৰে পুষ্ঠ অসমীয়া জাতি কেতিয়াও বিলুপ্ত নহয় বুলি মত প্ৰকাশ কৰি ভূঞাই কয় মাটি থাকিলেহে জাতি থাকিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে অসমীয়া জাতিৰ ত্ৰাণকৰ্তা হিচাপে প্ৰদৰ্শন কৰিব বিচাৰিছে৷ কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ২৩ বছৰীয়া দিছপুৰীয়া ৰাজনৈতিক যাত্ৰাত একো এটা নকৰিলে৷ বৰং তেওঁৰ চৰকাৰৰ দিনতহে অসমীয়া মানুহৰ মাটি-ভেটি আটাইতকৈ বেছি সংকটত পৰিছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment