প্ৰাতঃভ্ৰমনলৈ যোৱা মহিলাৰ চেইন কাঢ়ি নিলে চিলনী চোৰে


গুৱাহাটী,১২ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীত পুৱাই চিলনী চোৰৰ সন্ত্ৰাস। চোকা অস্ত্র দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ'ল সোণৰ চেইন। মহিলাগৰাকী প্ৰাতঃভ্ৰমনলৈ অহাৰ সময়তে সংঘটিত হয় ঘটনাটো। ছয়মাইলৰ আমতলত সংঘটিত হৈছে এই ঘটনা। দুজনকৈ যুৱকে এখন বাইকত আহি মহিলাগৰাকীক এটি ৰাস্তাৰ ঠিকনা সুধিছিল। সেই আচিলাৰে মহিলাগৰাকীৰ কাষ চাপি তেওঁ পৰিধান কৰা সোণৰ চেইনডাৰ কাঢ়ি নিমিষতে পলাই পত্ৰং দিয়ে চিলনী চোৰ দুটাই। নম্বৰ প্লেটবিহীন এখন বাইকত আহিছিল চোৰ দুটা। সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment