মুখ্যমন্ত্ৰীয়ে সত্য কথা নকয়, সংবিধান অনুসৰি কাম নকৰে : দেৱব্ৰত শইকীয়া


গুৱাহাটী,১৩ ছেপ্টেম্বৰঃ সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আজি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ ভিত্তি কি জানিব খোজে শইকীয়াই। লগতে শইকীয়াই কয় যে যিহেতু সংবাদমাধ্যমে সেইখিনি লোকক সন্দেহজনক বুলি কৈছে সেয়েহে তেনে লোকক কংগ্ৰেছ দল আৰু দেৱব্ৰত শইকীয়াই কেতিয়াও সহায় কৰা নাই বুলি কয়। মুখ্যমন্ত্ৰীয়ে দাবী কৰা সকলো অভিযোগ মিছা বুলি দাবী কৰে বিৰোধী দলপতি শইকীয়াই। বিৰোধী দলপতি শইকীয়াই কয়, ''২৯ আগষ্টত আৰ টি আই যোগে দিয়া তথ্য অনুসৰি সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উক্ত অঞ্চলৰ চৰকাৰী ভূমি, গ্ৰেজিং, ভিজিআৰ, পিজিআৰ বা আন ভূমিতো কোনো ধৰণৰ বেদখল হোৱা নাই বুলি জনাইছিল। কাৰোবাক উচ্ছেদ কৰা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰতো তেনে কৰিবলৈ তাত কোনো বেদখল নাই বুলি উল্লেখ কৰিছিল বিষয়াগৰাকীয়ে। সেয়ে চৰকাৰী বিষয়াই ২৯ আগষ্টত দিয়া তথ্য কেনেকৈ হঠাৎ সলনি হৈ পৰিল নে চৰকাৰৰ বিভাগসমূহৰ মাজত কোনো সমন্বয় নাই নে আৰটিআইৰ প্ৰশ্নৰ উত্তৰত তথ্য ভুলকৈ দিয়া হৈছিল বুলিহে মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলো।’’ শইকীয়াই লগতে কয় যে অসম আৰক্ষীয়ে কেতবোৰ ব্যক্তিক আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ গৈ গুলীয়াই হত্যা কৰিলে৷ ই অতি দুৰ্ভাগ্যজনক আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনে হত্যাক সমৰ্থন কৰাটো অতি দুৰ্ভাগ্যজনক৷ উচ্ছেদৰ পূৰ্বে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আগতীয়াকৈ জাননী দিব লাগে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবৰ সময়ত কোনো ধৰণৰ জাননী দিয়াৰ প্ৰয়োজন নাই৷ যিটো সত্যৰ অপলাপ, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ এক শ্ৰেণীৰ মানুহৰ মাজত ভয়, ভাবুকি, প্ৰলোভন আদিৰ এজেণ্ডা চলাব খুজিছে নেকি সেয়া মই নাজানো বুলিও মন্তব্য কৰে শইকীয়াই৷ মুখ্যমন্ত্ৰীয়ে সত্য কথা কোৱা নাই আৰু সংবিধান অনুসৰি কাম কৰা নাই বুলিও বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment