অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠনে অসমৰ শিক্ষা খণ্ডলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
গুৱাহাটী,১৩ ছেপ্টেম্বৰ : নতুন শিক্ষানীতিৰ আধাৰত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰা হৈছে। ইয়াৰে লগত সংগতি ৰাখি আজি বামুণীমৈদামস্থিত অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত চৰকাৰে নতুনকৈ গঠন কৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰূপে ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ ৰূপে ৰুক্ম গোহাঁই বৰুৱাৰ লগতে আন সদস্যসকলে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে আৰু নতুন কাৰ্যভাৰ গ্ৰহণ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো সঁচাকৈয়ে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি কয় যে অসমৰ শিক্ষাক্ষেত্ৰৰ উত্তৰণৰ স্বাৰ্থত এই পৰিষদ গঠন কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় নতুন শিক্ষানীতিৰ আধাৰত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিসংখ্যা সমান অনুপাতৰ হ'ব লাগে আৰু যিহেতু আমাৰ ৰাজ্যখনত প্ৰাথমিক বিদ্যালয়ৰ হাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকতকৈ বহুগুণে বেছি, এইক্ষেত্ৰত বিভাগে যি সমূহ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই কম এই সমূহ বিদ্যালয় সংকোচন কৰি আন বিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ ব্যৱস্থা কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ৪৩০০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, কিন্তু নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ আৰু শিক্ষাদানৰ প্ৰতি লক্ষ্য ৰাখি এই সংখ্যা ৬০০০ হাজাৰলৈ বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে। মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগযোগ্য কৰি তোলাৰ বাবে প্ৰচলিত শিক্ষা-পদ্ধতিৰ লগত কাৰিকৰী শিক্ষা পদ্ধতিৰ এক মিশ্ৰণ ঘটাব লাগিব। এইক্ষেত্ৰত তেওঁ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনায় আৰু লগতে প্ৰতিখন জিলাত ২ ৰ পৰা ৩ খনকৈ মডেল উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰচলনত গুৰুত্ব প্ৰদান কৰিবলৈ কয়। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত জনায় যে অসমৰ নতুন শিক্ষা নীতিৰে সংগতি ৰাখি যিহেতু মহাবিদ্যালয়সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখা বিদ্যালয়সমূহলৈ সংলগ্ন কৰা হ'ব, সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত ৩৭২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক ৮ কোটি টকা অনুদানেৰে প্ৰতিখন বিদ্যালয়ক উন্নতমানৰ আৰু অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ৰূপে গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি আৰু নতুনকৈ ১২৬ খন এনে বিদ্যালয়ক নতুনকৈ নিৰ্মাণৰ বাবে বিভাগে নিৰ্দিষ্ট নিবিদা প্ৰস্তুতকৰণৰ কাম হাতত লৈছে। আজিৰ এই অনুষ্ঠানত বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।


0 Comments:
Post a Comment