মিচিং স্বায়ত্ব পৰিষদৰ এলেকাৰ শোচনীয় অৱস্থা



লখিমপুৰ,১৯ ছেপ্টেম্বৰ : মিচিং স্বায়ত্ত্ব পৰিষদৰ নামত বছৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শ শ কোটি টকা আৱণ্টন দি আহিছে যদিও বহু মিচিং অধ্যুষিত অঞ্চলত এতিয়াও কোনো উন্ননয়ন সাধন হোৱা নাই। ইয়াৰ বিপৰীতে উক্ত এলেকাত উন্নয়নৰ নামত বিৰাট প্ৰহসন দিয়াৰহে অভিযোগ উঠিছে। বৃহত্তৰ পূৱ তেলাহী অঞ্চলটো ইয়াৰ এক জ্বলন্ত উদাহৰণ। লখিমপুৰ জিলাখনৰ সোৱণশিৰি আৰু খেৰকটা নদীৰ মাজত থকা এই বৃহত্তৰ পূৱ তেলাহী মৌজাত কুৰিখনতকৈয়ো অধিক গাঁও আছে আৰু এই গাঁওবোৰৰ ১০০ শতাংশ লোকেই মিচিং সম্প্ৰদায়ৰ লোক। পৰিতাপৰ কথা যে মিচিং অধ্যুষিত এই অঞ্চলবোৰত এতিয়াও এম এ চিৰ উন্নয়নৰ প্ৰভাৱ পৰা নাই৷ এই গাঁও সমূহলৈ যাবলৈ নাই এটা সুগম পথ৷ বহু গাঁৱত এতিয়াও পৰা নাই বিদ্যুৎৰ পোহৰ৷ টিপচাকিৰ পোহৰত নিশা পাৰ কৰে গাঁওবাসীয়ে৷ শৈক্ষিক পৰিৱেশৰ দিশতো অতি বিধবস্ত হৈ আছে এই গাঁওবোৰ৷ অতি জৰাজীৰ্ণ ভগ্ন শিক্ষানুষ্ঠানত এতিয়া শ শ শিক্ষাৰ্থীয়ে জীৱনৰ আদিপাঠ শিকি অহাৰ লগতে টিপচাকিৰ পোহৰত অধ্যয়ন কৰি আহিবলগা হৈছে৷ অথছ মিচিং স্বায়ত্ত্ব পৰিষদে এই গাঁওবোৰৰ উন্নয়নৰ বাবে লাখ লাখ টকা আৱণ্টন দি আহিছে যদিও গৰিষ্ঠ সংখ্যক গাঁৱত ইয়াৰ উন্নয়নৰ নাম গোন্ধ নাই৷ প্ৰতিবছৰে খেৰকটীয়া আৰু সোৱণশিৰি নদীৰ বানে জুৰুলা কৰি অহা পূৱ তেলাহীৰ টামাৰ গাঁও, ৰজাবুঢ়া, চানং আদি গাঁওবোৰত এজাক বৰষুণ দিলেই ইয়াৰ পথৰুৱা বাট-পথ সমূহ বোকাৰে উপচি পৰে৷ পৰিতাপৰ কথা যে মিচিং অধ্যুষিত গাঁওসমূহত এতিয়াও চৌদিশে এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰি আহিছে৷ একপ্ৰকাৰে দুৰ্গম গাঁওসমূহত কদৰ্যময় পৰিৱেশত বহু পৰিয়ালে দিন ৰাতি পাৰ কৰি আহিবলগা হৈছে৷ তদুপৰি খোৱাপানীৰ নামত এতিয়াও পূৱ তেলাহীৰ বহু পৰিয়ালে সোৱণশিৰিৰ লগতে খেৰকটীয়া নদীৰ পানী সেৱন কৰি জীৱন ধাৰণ কৰি আহিবলগীয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ কোনো এখন আঁচনিয়েই পূৱ তেলাহীত এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই৷ এই গাঁওসমূহৰ বাটপথ সমূহ বিধবস্ত হোৱাৰ লগতে বহু শিক্ষানুষ্ঠানত এতিয়াও একাংশ শিক্ষাৰ্থীয়ে মাটিত বহি অথবা কাঠৰ তক্তাত বহি পাঠ গ্ৰহণ কৰি আহিবলগীয়া হৈছে৷ তেনেএখন বিদ্যালয় হৈছে মধ্য খেৰকটা এম ই স্কুল৷ দুই দশক পূৰ্বেই চৰকাৰীকৰণ হোৱা এই বিদ্যালয়খনৰ অৱস্থা এতিয়াও অতি পুতৌজনক৷ তথাপিও এই শিক্ষানুষ্ঠান অথবা মিচিং অধ্যুষিত গাঁও অঞ্চলৰ বাটপথ সমূহ উন্নয়নৰ বাবে মিচিং স্বায়ত্ত্ব পৰিষদে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ কেৱল খহনীয়া প্ৰতিৰোধৰ নামত এম এ চিয়ে প্ৰতিবছৰে সোৱণশিৰি অথবা খেৰকটা নদীত বাহৰ স্পাৰ দি কোটি কোটি টকা অপচয় কৰি আহিছে৷ এই ক্ষেত্ৰত স্থানীয় দল সংগঠন সমূহৰ কৰণীয় ভূমিকাকো সচেতন ৰাইজে সমালোচনা কৰিছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment