গুৱাহাটী,৬ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত আজি চি পি আই এম এলে গুৱাহাটীৰ কাছাৰীস্থিত মেঘদূত ভৱনৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমক সাম্প্ৰদায়িক হিংসা-ঘৃণা, বিভাজনৰ কূটিল ৰাজনীতিৰে কলুষিত কৰা তথা নাৰী নিৰ্যাতনৰ ৰম্যভূমিত পৰিণত কৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্রীগৰাকীক সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্রীৰ পদত্যাগ দাবী কৰাৰ লগতে ঐক্যবদ্ধ অসম আৰু ৰাজনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত মেঘদূত ভৱনৰ সন্মুখ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে 'সাম্প্ৰদায়িক হিংসা ঘৃণাৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক' , 'মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ উচ্চস্তৰীয় তদন্ত কৰক', 'অসমক হিমন্ত পৰিয়ালৰ পৈত্ৰিক সম্পত্তি হ'বলৈ দিয়া নহ'ব', 'নাৰী ধৰ্ষণকাৰীক দৃষ্টান্ত মূলক শান্তি দিয়ক', ' নাৰী নিৰ্যাতনক সাম্প্ৰদায়িক ৰূপ দিয়া বন্ধ কৰক', ' স্মাৰ্ট মিটাৰৰ নামত লুটৰাজ নচলিব', 'ভয়াবহ মূল্য বৃদ্ধি ৰোধ কৰক', 'বহুৱালি নহয়, আমাক সংস্থাপন লাগে', 'সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি বন্ধ কৰক' আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে। বিক্ষোভ কাৰ্যসূচীত চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, কেন্দ্রীয় কমিটিৰ সদস্য বলীন্দ্ৰ শইকীয়া, নিখিল ভাৰত ছাত্র সন্থাৰ ৰাজ্যিক সভাপতি সুব্রত তালুকদাৰ, সদৌ অসম প্রগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱী, বিপ্লবী যুৱ সন্থাৰ ৰাজ্যিক নেত্ৰী কুন্তী তাতী, এ আই চি চি টি ইউ ৰাজ্যিক সভাপতি বীৰেন কলিতা, ধীৰাজ দাস, জানিক বৰ্মন আদি নেতৃবৃন্দই অংশ গ্ৰহণ কৰে। দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় - "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন এতিয়া জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। সাম্প্ৰদায়িক হিংসা-ঘৃণা, বিভাজনৰ উৎকট ৰাজনৈতিক প্ৰচাৰেৰে তিষ্ঠি থকাটোৱে চৰকাৰখনৰ শেষ আশ্ৰয় হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনত বহাৰ পিছত তেওঁ এটা ক্ষেত্ৰতে সফল হৈছে সেয়া হৈছে বেআইনী ভাৱে তেওঁৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ নামত পাহাৰসম সম্পত্তি আহৰণ কৰিছে। নাৰীৰ নিৰাপত্তা, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ, নিবনুৱা বৃদ্ধি, আকাশলঙ্ঘী মূল্য বৃদ্ধি নিয়ন্ত্রণ, খিলঞ্জীয়া লোকৰ ওপৰত এচাম অনা খিলঞ্জীয়া লোকৰ দাদাগিৰি তথা অত্যাচাৰ, স্মার্ট মিটাৰৰ নামত লুণ্ঠন আদিৰে এইখন চৰকাৰৰ সৰ্বকালৰ এখন অপদাৰ্থ চৰকাৰ হিচাপে পৰিগণিত হৈছে। ৰাইজৰ প্ৰতিবাদ বিক্ষোভক বিপথে পৰিচালিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই সকলো সীমা অতিক্রম কৰি নিজৰ সাম্প্রদায়িক এজেণ্ডাক সন্মুখত তুলি ধৰিছে। গণতান্ত্ৰিক আন্দোলনৰ ওপৰণ পুলিচ জাপি দিছে। মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰি বিধানসভাৰ মজিয়াৰ পৰাই মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা হিংসাৰ প্ৰচাৰ চলাইছে আৰু উচটনি দিছে। ৬ নং দফা ৰূপায়ন, কা বাতিল, এন আৰ চিৰ চুড়ান্ত তালিকা প্রকাশ আদি বিষয় সমূহ সম্পর্কে নিৰৱ হৈ থকা শৰ্মা চৰকাৰে মুছলমান লোকক অসমৰ শত্রু হিচাপে চিহ্নিত কৰিব বিচাৰিছে। চি পি আই এম এলে এখন ঐক্যবদ্ধ গণতান্ত্ৰিক অসমৰ বাবে সংগ্ৰাম চলাই আহিছে আৰু সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানিয়ে যি ধাৰণা তুলি ধৰিছে সি সফল হ'লে অসম ঐক্যবদ্ধ হৈ নাথাকিব। চি পি আই এম এলে বিক্ষোভ প্ৰদৰ্শনৰ জৰিয়তে অসমৰ ৰাইজলৈ এইখন চৰকাৰক সমূলে উৎখাত কৰিবলৈ ঐক্যৱদ্ধ আন্দোলনত চামিল হ'বলৈ আহ্বান জনাইছে।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত গুৱাহাটীত চি পি আই এম এলৰ ব্যাপক প্ৰতিবাদ

0 Comments:
Post a Comment