শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুক সাক্ষাৎ কৰি আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে



নিউজ ডেক্স,৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত তেখেতৰ শৈক্ষিক জীৱনৰ শিক্ষাগুৰু গোপীনাথ হালোৱাক সাক্ষাৎ কৰি কুশলবাৰ্তা বিনিময় কৰি স্মৃতি ৰোমন্থন কৰে। সোণোৱালে উল্লেখ কৰে, "বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত আমি পঢ়ি থকাৰ মধুৰ সময়ছোৱাত শ্ৰদ্ধাৰ শিক্ষাগুৰু গোপীনাথ হালোৱা ছাৰৰ অনুশাসন আৰু অমূল্য পাঠদানে আমাক পথ প্ৰদৰ্শন কৰিছিল। সেই তেতিয়াৰ পৰা এতিয়ালৈ ছাৰৰ স্নেহভৰা সান্নিধ্যই মোক অনুপ্ৰাণিত কৰি আহিছে। আজি 'শিক্ষক দিৱস'ৰ শুভক্ষণত জেৰাই খহুৱা পথাৰ গাঁৱৰ বাসিন্দা হালোৱা ছাৰক সাক্ষাৎ কৰি সেৱা জনাই আশিস শিৰত তুলি ল'লোঁ। ছাৰ সদায়েই কুশলে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাৰেই কামনা কৰিলোঁ।" এই সময়ছোৱাত লগতে উপস্থিত থাকে বিধায়ক বিনোদ হাজৰিকা, অসম পেট্ৰ'-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment