লখিমপুৰ,৫ ছেপ্টেম্বৰ : লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী সুৰজিৎ ভূঞা(৫৭)ৰ আজি বিয়লি ২.৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। বিশিষ্ট সাংবাদিকগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰয়াত ভূঞাই ১৯৯১ চনত সংবাদ সেৱাৰ লগত জড়িত হৈ 'সান্ধ্য বাতৰি', 'অসম সংবাদ', 'নতুন দৈনিক, 'ৰংপুৰ' আদি কাকতত স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়োৱাৰ পাছত 'অসমীয়া প্রতিদিন', 'আজিৰ দৈনিক বাতৰি', 'এদিনৰ সংবাদ'ৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি সংবাদক্ষেত্ৰখনলৈ যথেষ্ট বৰঙণি আগবঢাইছিল। ভূঞাই 'সাদিনীয়া নতুন বাতৰি', 'আজিৰ অসম' কাকতৰ উপ সম্পাদক হিচাপেও কার্যনির্বাহ কৰিছিল। ভূঞাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক , সভাপতিৰ দায়িত্ব বহন কৰাৰ উপৰি লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি হিচাপেও সূচাৰৰূপে দায়িত্ব সম্পাদন কৰিছিল । তেওঁ ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জার্নেলিষ্টৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যৰ পদো অলংকৃত কৰিছিল। ভূঞাই মৃত্যুৰসময়ত পত্নী , এগৰাকী কন্যাসন্তান, দুইভাতৃ, বোৱাৰীসহ বহুসংখ্যক আত্মীয় কুতুম্বক এৰি যায়। ভূঞাৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতি কামনা কৰি তেখেতৰ সমূহ পৰিয়াল বৰ্গ, আত্মীয় স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰন সম্পাদক ৰাতুল বৰগোঁহাইয়ে। একেদৰে ভূঞাৰ মৃত্যুত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নগেন শইকীয়া,
দীপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। ভূঞাৰ মৃত্যুত জিলা সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সত্ৰীয়া সঙ্গীত বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অসম গণ পৰিষদৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধনমণি দত্ত ,জিলা সভাপতি দীপক বৰদলৈ ,মাছৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ ,জিলা কমিটিৰ অধ্যক্ষ চুমু দত্ত ,সচিব ইব্ৰাহীম আলি , সদৌ অসম নিৱনুৱা সন্হাৰ সাধাৰন সম্পাদক জীৱন ৰাজখোৱা ,জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰা ,আদিয়ে গভীৰ শোক প্ৰকাশ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰে ৷ ইফালে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱেও ক্লাৱৰ প্ৰাক্তন সভাপতি সুৰজিত ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

0 Comments:
Post a Comment