বিশিষ্ট উদ্যোগপতি তথা মহান ব্যক্তিত্বৰ অধিকাৰী ৰতন টাটাৰ দেহাৱসান, দেশজোৰি শোকৰ ছাঁ
গুৱাহাটী,১০ অক্টোবৰ : বিশিষ্ট উদ্যোগপতি তথা মহান ব্যক্তিত্বৰ অধিকাৰী ৰতন টাটা আৰু নাই। ভোগ-বিলাসৰ পৰা নিজকে আঁতৰাই ৰাখি মিতব্যয়ী জীৱন-যাপন কৰা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ বুধবাৰে মাজনিশা মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮৬ বছৰ। মানৱদৰদী হোৱাৰ লগতে জীৱ-জন্তুৰ প্ৰতিও অকৃত্ৰিম মৰম আৰু স্নেহৰে ভৰা কোমল অন্তৰৰ গৰাকী আছিল ৰতন টাটা। এইগৰাকী স্বনামধন্য উদ্যোগপতি তথা আধুনিক ভাৰতৰ খনিকৰ ৰতন টাটাৰ বিয়োগত আজি ম্ৰিয়মান সমগ্ৰ দেশবাসী। অসমতো মানৱদৰদী ৰতন টাটাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। অসমৰ বাবে বিশেষ অৱদান আগবঢ়োৱা ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ শোকবাৰ্তাত মুখ্যমন্ত্রীয়ে কয় - "ৰতন টাটাৰ বিয়োগ অসমৰ বাবে অপূৰণীয় ক্ষতি। অসমৰ মানুহে এজন শুভাকাংক্ষীক হেৰুৱালে। অসমৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত ৰতন টাটাই অসমৰ জনসাধাৰণৰ হৃদয় আৰু মনত এক বিশেষ স্থান দখল কৰিছিল। তেওঁ অসমৰ কল্যাণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। জাগীৰোডত টাটাৰ দ্বাৰা স্থাপন কৰা প্ৰকল্পই আমাৰ যুৱসকলৰ বাবে কেইবাটাও নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মোৰ বাবে এইটো এটা ব্যক্তিগত ক্ষতি। তেওঁৰ সৈতে হোৱা মোৰ প্ৰতিটো বাৰ্তালাপে মোক ধন্য কৰি তুলিছিল। তেওঁৰ সৰলতা আৰু নম্ৰতা মই কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁৰ জীৱন উদ্যোগ নিৰ্মাণ আৰু সমাজক ঘূৰাই দিয়াৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়। তেওঁ ৰাজ্যখনত স্বাস্থ্যসেৱা খণ্ডৰ উন্নত কৰাৰ বাবে গভীৰভাৱে উৎসাহী আছিল আৰু তেওঁৰ দৃষ্টিভংগীৰে আমি আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ জন্ম দিছিলো। তেওঁৰ মৃত্যু এক অপূৰণীয় বৃহৎ ক্ষতি। তেওঁৰ সেই শূন্যতা কেতিয়াও পূৰণ নহ'ব। মই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ টাটা পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।" আনহাতে ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। সোণোৱালে কয় - "বহুসময়ত ৰতন টাটাৰ সৈতে মই বাৰ্তালাপ কৰা আৰু বহুত ভাল লগা স্মৃতি আছে। দেশৰ বিকাশৰ বাবে তেওঁৰ দৃষ্টিভংগী সদায়ে অনুপ্ৰেৰণাদায়ক। তেওঁ অসমৰ বাবে এজন শুভাকাংক্ষী আছিল। তেঁওক আমি সকলোৱে সদায় মৰমেৰে স্মৰণ কৰি থাকিম।" সঁচাকৈ আধুনিক ভাৰতৰ খনিকৰ ৰতন টাটাৰ বিয়োগ দেশৰ বাবে অপূৰণীয় ক্ষতি।

0 Comments:
Post a Comment