এনচিপি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা


নিউজ ডেক্স,১৩ অক্টোবৰ : মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই গুলীয়াই হত্যা কৰা হ’ল প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা ছিদ্দিকীক। গুলীবিদ্ধ অৱস্থাত ছিদ্দিকীক উদ্ধাৰ কৰি মুম্বাইৰ লীলাৱতী হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে পূৱ বান্দ্ৰাস্থিত পুত্ৰ জীশানৰ কাৰ্যালয়ৰ বাহিৰত ছিদ্দিকীৰ ওপৰত তিনিজন দুৰ্বৃত্তই গুলীচালনা কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছৰ সৈতে সম্পৰ্ক ভংগ কৰি অজিত পাৱাৰৰ এন চি পিত যোগদান কৰিছিল বাবা ছিদ্দিকীয়ে। মুম্বাইৰ জাতীয়তাবাদী কংগ্ৰেছ দলৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা বাবা ছিদ্দিকী মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰীও আছিল। কংগ্ৰেছ আৰু মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল ছিদ্দিকী। সত্তৰৰ দশকত কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৯৯ চনত প্ৰথম বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বান্দ্ৰা পশ্চিম কেন্দ্ৰৰ পৰা পৰাস্ত হৈছিল। জানিব পৰা মতে, এই আক্ৰমণত জড়িত থকাৰ সন্দেহত এতিয়ালৈকে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment