বীৰ লাচিত সেনাৰ নেতাক মুক্তিৰ দাবীত লখিমপুৰ সদৰ থানাৰ সন্মুখত ব্যাপক প্ৰতিবাদ


লখিমপুৰ,৯ অক্টোবৰ : বীৰ লাচিত সেনাই আজি দুপৰীয়া লখিমপুৰ সদৰ থানাত উত্তাল কৰি তোলে। সংগঠনৰ সতীৰ্থক মুক্তিৰ দাবীত বীৰ লাচিত সেনাৰ ভালেমান কৰ্মীয়ে সদৰ থানাৰ প্ৰবেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে। বীৰ লাচিত সেনাৰ সতীৰ্থক বিনা চৰ্তে  মুক্তি দিয়ক, অনা অসমীয়া হুচিয়াৰ আদি শ্লোগান দি বীৰ লাচিত সেনাৰ সদস্য সকলে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য মঙলবাৰে সন্ধিয়া লখিমপুৰৰ আৰক্ষীয়ে এখন এজাহাৰৰ ভিত্তিত বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ মূখ্য সচিব ৰূপাংকৰ বৰা, সভাপতি অজিত বুঢ়াগোহাঁইসহ দীপক শইকীয়া আৰু মিলন বুঢ়াগোহাঁইক আটক কৰি আনি সদৰ থানাত ৰাখে। তেওঁলোকৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য বীৰ লাচিত সেনাৰ দুজনমান বিষয় ববীয়া সহ আন এজন লোকৰ বিৰুদ্ধে কাৰ্যালয়ত অনধিকাৰ প্ৰৱেশৰ অভিযোগ তুলি হিন্দু যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে মঙলবাৰে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত নিশা আৰক্ষীয়ে বীৰ লাচিত সেনাৰ বিষয় ববীয়া কেইজনক আটক কৰে। সম্প্রতি সদৰ থানাতে তেওলোকক ৰখা হৈছে। তেওঁলোকৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই সদৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 

উল্লেখ্য  হিন্দু যুৱ ছাত্র পৰিষদে  তেওঁলোকৰ কাৰ্য্যালয়ৰ তলা ভাঙি  বীৰ লাচিত সেনাই অনাধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ তোলে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক ঘনকান্ত বৰাই অভিযোগ তোলে যে মঙলবাৰে দিনৰ ২ মান বজাত লখিমপুৰ নগৰৰ সৰ্বেশ্বৰ বৰুৱা পথৰ ৯ নং ৱাৰ্ডত থকা হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ লখিমপুৰ জিলা কাৰ্য্যালয়ৰ তলা ভাঙি বীৰ লাচিত সেনাৰ কেইজনমান লোকে কাৰ্য্যালয়ৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি নথি-পত্রসমূহ লণ্ডভণ্ড কৰে। উক্ত কাৰ্য্যালয়ৰ প্ৰায় তিনিটামান কোঠালী তেওঁলোকে দখল কৰি কাৰ্য্যালয়ৰ বাহিৰত এখন বেনাৰ লগোৱাৰো প্ৰত্যক্ষ কৰা হয় । যিহেতু কাৰ্য্যালয়টো পৰিষদে পৱন ৰাথীৰ সৈতে হোৱা চুক্তিনামাৰ জৰিয়তে ভাৰাত লৈ প্ৰায় ২০১৮ চনৰে পৰা জিলা কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে সমাজৰ  বীৰ লাচিত সেনাই কাৰ্যালয়টো অনধিকাৰ দখল কৰে। হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম এক প্ৰতিষ্ঠিত হিন্দু সংগঠন যিয়ে জন্মলগ্নৰে পৰা হিন্দুত্বই ৰাষ্ট্ৰীয়ত্ব'ক মূলমন্ত্ৰ হিচাবে লৈ কাম কৰি আহিছে। লখিমপুৰ সদৰত এইদৰে  মুকলিকৈ ঘটনা সংঘটিত কৰা  বীৰ লাচিত সেনাৰ কাৰ্য্যকৰ্তাসকলৰ বিৰুদ্ধে হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা এখন এজাহাৰ দিয়া হৈছে। এজাহাৰত তেওঁলোকে ঘটনা সংঘটিত কৰা দোষীক উচিত শাস্তি বিহাৰ দাবী তুলি আৰু দখলকৃত গৃহটি মোকলাই দিবলৈও আৰক্ষীক  অনুৰোধ জনায়। উল্লেখ্য এই সন্দৰ্ভত গৃহটোৰ গৰাকী বুলি দাবী কৰা পৱন ৰাথীৰ পৰিয়ালে কয় তেও লোকে অনুপ বৰাৰ পৰা ঘৰে মাটিয়ে কিনি লৈছিল। ঘৰটোত তেও লোকে বসতি কৰাৰ লগতে একাংশ হিন্দু যুৱ ছাত্র পৰিষদক ভাৰা দিছিল। কিন্তু ঘৰটোৰ তলৰ এটা মহলা অনুপ বৰাই দখল এৰি দিয়া নাছিল। সেই সন্দৰ্ভত আদালতত এক গোচৰ চলি আছে। আনহাতে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ সচিব ৰূপাংকৰ বৰাই এই সন্দৰ্ভত কয় অনুপ বৰাই ঘৰটোৰ গৰাকী  বুলি তেও আমাক ঘৰটোৰ একাংশ আমাৰ কাৰ্য্যালয়ৰ বাবে ভাৰাত দিয়াৰ সিদ্ধান্ত লয়। সেই মৰ্মে আমি আজি কাৰ্য্যালয়টো মুকলি কৰিবৰ বাবে প্ৰৱেশ কৰিছিলো।অভিযোগ প্ৰতি অভিযোগ ত উত্তাল হৈ পৰা এই বিষয়টো লৈ আৰক্ষীয়ে এই সন্দৰ্ভত কেনে ব্যবস্থা গ্রহণ কৰে সেয়া লক্ষ্যনীয় হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment