বিহালী আৰু চামগুৰিত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল


গুৱাহাটী,২৫ অক্টোবৰ : উপনিৰ্বাচনত ৰাজ্যৰ দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আম আদমী পাৰ্টিয়ে। আজি ৭৭ নং বিহালী বিধানসভা সমষ্টিত আপৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত নুৰুল আমিন চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে চামগুৰিৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে । গায়ন-বায়নসহ নগাঁও নেহৰুবালি খেলপথাৰৰ পৰা সমদল কৰি গৈ মনোনয়ন দাখিল কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থী গৰাকীৰ সৈতে উপস্থিত থাকে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ, উপ সভাপতি মামুন ইমদাদুল হক চৌধুৰী, সাধাৰণ সম্পাদক পুনম গগৈ আৰু দলৰ আন কেইবাগৰাকী জ্যেষ্ঠ নেতা। ইপিনে বিহালীত আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ মনোনয়ন দাখিল পৰ্বত দলৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা, সৌমিক সেনগুপ্ত, সাধাৰণ সম্পাদক (প্ৰশাসন) ৰাজীৱ শইকীয়াৰ লগতে উপস্থিত থাকে আপৰ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা। মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক ভোট দিবলৈ আহ্বান জনায়। আপৰ প্ৰতিষ্ঠাতা অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি অসমতো প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়নৰ স্বাৰ্থত নিৰ্বাচনত জনমত সাব্যস্ত কৰিবলৈ আহ্বান জনায় দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।দুয়োটা সমষ্টিতে দলীয় প্ৰাৰ্থীৰ মনোনয়নক লৈ যথেষ্ট উৎসাহিত হৈছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী - সমৰ্থক সকল। উল্লেখ্য যে ৰাজ্যৰ ৫ টাকৈ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত  বঙাইগাঁও, চিদলী আৰু ধলাই সমষ্টিত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। তুলনামূলক ভাৱে দলৰ সবল গণভিত্তি থকা চামগুৰি আৰু বিহালীত আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment