গুৱাহাটী,২৫ অক্টোবৰ : পুনৰ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন হ’ব মোবাইল ইণ্টাৰনেট সংযোগ। দেওবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত দেওবাৰে পুৱা ৮.৩০ৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। এ ডি আৰ ইৰ পৰীক্ষাৰ বাবে অসম চৰকাৰে ৰাজ্যজুৰি সম্পূৰ্ণ ৭.৩০ ঘণ্টাৰ বাবে সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক অধিসূচনা যোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে। অধিসূচনাখনত কোৱা হয় যে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিকা আৰু স্বচ্ছ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ৰ ধাৰা ৫(২)ৰ অনুচ্ছেদৰ অধীনত এই ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত কৰা হৈছে। ইয়াৰ পূৰ্বে হোৱা দুটা পৰীক্ষাটো ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছিল।
এ ডি আৰ ইৰ পৰীক্ষাৰ বাবে দেওবাৰে পুনৰ ৭.৩০ ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা

0 Comments:
Post a Comment