ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ 'ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীৰ সন্মিলন'ত অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত


নিউজ ডেক্স,১৫ অক্টোবৰ :  নতুন দিল্লীৰ 'ভাৰত মণ্ডপম'ত আজিৰে অনুষ্ঠিত হৈছে 'ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪'। মোবাইল আৰু টেলিকম সেৱা তথা প্ৰযুক্তি খণ্ডত ভাৰতৰ চমকপ্ৰদ উত্তৰণক বিশ্বৰ সমুখত তুলি ধৰাৰ উদ্দেশ্যে আয়োজিত এই অষ্টম সংখ্যক ভাৰত মোবাইল কংগ্ৰেছ মঙলবাৰে আগবেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। 'বৰ্তমানেই ভৱিষ্যত' শীৰ্ষক মূল বিষয়বস্তক লৈ ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ চাৰিদিনীয়াকৈ আয়োজিত এইবাৰৰ ভাৰত মোবাইল কংগ্ৰেছ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া কেইটামান বছৰৰ ভিতৰতে ভাৰতে ক্ষিপ্ৰতাৰে বিশ্বৰ অন্যতম অগ্ৰণী মোবাইল তথা টেলিকম শক্তিৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। সম্প্ৰতি ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৫ জি প্ৰযুক্তিৰ বজাৰ হিচাপে স্বীকৃত হোৱাৰ লগতে বিশ্বৰ ৪০ শতাংশ বাস্তৱ-সময়ভিত্তিক ডিজিটেল লেনদেনো ভাৰততে হোৱাটোৱেই দেশখনত মোবাইল প্ৰযুক্তিৰ চমকপ্ৰদ বিৱৰ্তনক প্ৰতিফলিত কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধনী ভাষণত উল্লেখ কৰে। তেওঁ প্ৰকাশ কৰে যে ভাৰত বৰ্তমান ১২০ কোটি মোবাইল ফোন ব্যৱহাৰকাৰী দেশত পৰিণত হোৱাৰ লগতে দেশখনৰ ৯৫ কোটি লোকে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰে। উল্লেখ্য যে, এইবাৰৰ মোবাইল কংগ্ৰেছত ১৬০খন দেশৰ মোবাইল তথা ইণ্টাৰনেট প্ৰযুক্তি খণ্ডৰে জড়িত প্ৰায় ৩২০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ইফালে, ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ আজি প্ৰথম দিনা সন্ধিয়া আয়োজিত 'ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীৰ সন্মিলন'ত অংশগ্ৰহণ কৰে অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ভাৰত চৰকাৰৰ দূৰসংযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয় কনৰাড চাংমা আৰু পেমা খাণ্ডু, কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ ৰাজ্যমন্ত্ৰী ডাঃ চন্দ্ৰশেখৰ পাম্মেছানি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল এডমিৰেল দেৱেন্দ্ৰ কুমাৰ যোশীৰ লগতে বিভিন্ন ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকল, কেন্দ্ৰীয় দূৰসংযোগ সচিব নীৰজ মিট্টালসহ দূৰসংযোগ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল আৰু ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি বিভাগৰ শীৰ্ষ বিষয়াবৰ্গয়ো ভাগ লয়। মন্ত্ৰীস্তৰীয় সন্মিলনখন সম্বোধি দিয়া নিজৰ ভাষণত অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত এটা অত্যাধুনিক মোবাইল আৰু টেলিকম সামগ্ৰী উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে দূৰসংযোগ মন্ত্ৰী সিন্দিয়াক অনুৰোধ জনায়। একেদৰে, অসমৰ আগ্ৰহী শিক্ষিত তথা সুদক্ষ যুৱ-যুৱতীসকলে টেলিকম খণ্ডত সেৱা আগবঢ়াব পৰাকৈ তেওঁলোকৰ প্ৰয়োজনীয় দক্ষতা বৃদ্ধিৰ সুযোগ প্ৰদানৰ বাবেও ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই ভাৰত চৰকাৰৰ দূৰসংযোগ মন্ত্ৰালয়ক আৰ্জি জনায়। আনহাতে, অসমত এতিয়াও মোবাইল নেটৱৰ্কে সামৰি নোলোৱাকৈ থকা পাহাৰীয়া জিলা, চৰাঞ্চল আৰু সীমান্তৱৰ্তী এলেকাৰ ২১৯খন গাঁৱতো শীঘ্ৰে মোবাইল তথা ইণ্টাৰনেট সেৱা উপলব্ধ কৰোৱাৰ লগতে ভাৰতনেটৰ প্ৰথম পৰ্যায়ৰ পৰা বাদ পৰি ৰোৱা ৰাজ্যখনৰ অৱশিষ্ট ১০৫৫খন গাঁও পঞ্চায়তকো ভাৰতনেটৰ পৰৱৰ্তী পৰ্যায়ত সামৰি লৈ দ্ৰুতগতিবেগৰ ইণ্টাৰনেট সেৱা উপলব্ধ কৰাবলৈও তেওঁ দূৰসংযোগ মন্ত্ৰালয়ক অনুৰোধ জনায়। ইতিমধ্যে দূৰসংযোগ বিভাগে নগাঁও জিলাৰ অতি ভিতৰুৱা দাবলং গাঁৱক '৫ জি ইণ্টেলিজেণ্ট ভিলেজ' ৰূপে অতি উন্নত ইণ্টাৰনেট নেটৱৰ্ক তথা তথ্য-প্ৰযুক্তি সেৱা উপলব্ধ আদৰ্শগাঁৱলৈ উন্নীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে ভাৰত চৰকাৰৰ দূৰসংযোগ মন্ত্ৰালয়ক অসম চৰকাৰৰ হৈ ধন্যবাদ জনায় ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে। তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলৰ এই সন্মিলনত ভাৰত চৰকাৰৰ দূৰসংযোগ মন্ত্ৰী সিন্দিয়াই অহা বছৰৰ মাজভাগৰ ভিতৰতে দেশৰ সকলো গাঁৱকে মোবাইল তথা ইণ্টাৰনেট সেৱাৰ নেটৱৰ্ক অধীনত সামৰি লোৱাৰ বাবে মন্ত্ৰালয়ে লক্ষ্য স্থিৰ কৰা বুলি ঘোষণা কৰে। সদ্যহতে দেশৰ ৩৫০০০ খন গাঁও মোবাইল নেটৱৰ্কৰে সংযুক্ত নোহোৱাকৈ থকা বুলিও দূৰসংযোগ মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। একেদৰে, এতিয়াও হাইস্পীড ইণ্টাৰনেট নেটৱৰ্কৰে সংযুক্ত কৰিবলৈ বাকী থকা দেশৰ অৱশিষ্ট গাঁও পঞ্চায়তসমূহকো ২০২৫ চনৰ জুনৰ ভিতৰতে সামৰি লোৱা হ'ব বুলি তেওঁ সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ মন্ত্ৰী সিন্দিয়াই সন্মিলনত দিয়া ভাষণত প্ৰকাশ কৰা মতে মোবাইল তথা ইণ্টাৰনেট প্ৰযুক্তি খণ্ডত ভাৰতে ক্ষিপ্ৰ উত্তৰণ সাধন কৰাৰ বাবেই দেশত গড় মাহিলী ডাটা ব্যৱহাৰৰ হাৰ পূৰ্বৰ ১.৪ জিবিৰ পৰা বৃদ্ধি হৈ বৰ্তমান ৩০ জিবি হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment