অসমৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত উপনিৰ্বাচন


গুৱাহাটী,১৫ অক্টোবৰ : অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদ মেল সম্বোধন কৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সমান্তৰালকৈ অসমৰো উপনিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ'ব ৫ টা বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, ছিদলী, বিহালী, বঙাইগাওঁ আৰু ধলাইৰ উপ-নিৰ্বাচন। ইয়াৰ বাবে ১৮ অক্টোবৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা। ২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। সেইদৰে ৩০ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে। ২৩ নৱেম্বৰত ঘোষণা কৰ হ'ব নিৰ্বাচনী ফলাফল। উল্লেখ্য যে লোকসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই প্ৰতিদ্বন্দিতা কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত উপনিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছিল।




Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment