লখিমপুৰৰ চিলভাৰক্ৰেষ্ট হস্পিতালত উত্তপ্ত পৰিস্থিতি, চিকিৎসাধীন অৱস্থাতে দুই যমজ সন্তানক এৰি মৃত্যুক আঁকোৱালি ল'লে নৱ বিবাহিত প্ৰসূতি মহিলাই
লখিমপুৰ,১৯ অক্টোবৰ : লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত চিলভাৰক্ৰেষ্ট হস্পিতাল নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা প্ৰিয়ংকা শইকীয়া বৰুৱা (২৭) নামৰ এগৰাকী নৱ বিবাহিত প্ৰসূতি মহিলাৰ মৃত্যুৰ ঘটনাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসাধীন অৱস্থাত আকস্মিকভাৱে মৃত্যু হোৱা ঘটনাক লৈ চিকিৎসালয়খনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি মোকাবিলা কৰাৰ বাবে চিকিৎসালয়খনত আৰক্ষী বাহিনী মোটায়েন কৰিব লগা অৱস্থাৰ সৃষ্টি হয়। লখিমপুৰ উজ্বলপুৰ গাঁও নিবাসী প্ৰিয়ংকা শইকীয়া বৰুৱা(২৭)ৰ স্বামী নিলোৎপল বৰুৱাৰ অভিযোগ মতে চিকিৎসালয়খনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতে তেওঁৰ পত্নীয়ে অকাল মৃত্যুক সাৱটিব লগা হ'ল। জানিব পৰা মতে যোৱা ১৭ অক্টোবৰত গৰ্ভৱতী অৱস্থাত থকা মহিলাগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰিছিল আৰু অস্ত্ৰোপচাৰ যোগে দুটাকৈ সুস্থ সবল সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। কিন্ত মহিলাগৰাকীয়ে শিশু দুটাক দুগ্ধ পান কৰোৱাৰ ক্ষেত্ৰত আহি পৰা সমস্যাৰ বাবে চিকিৎসকে এটা বেজী দিয়াৰ পাছতে মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে। এনে পৰিস্থিতিত চিকিৎসকে প্ৰসূতি গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ নিয়াৰ পৰামৰ্শ দিয়াত দিন হাজিৰ কৰি জীৱন নিৰ্বাহ কৰা মহিলাগৰাকীৰ স্বামী বিবুদ্ধিত পৰে আৰু পৰিয়ালৰ লোকে চিকিৎসালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনত প্ৰশাসনৰ সহযোগিতাৰে আৰক্ষী মোতায়েন কৰাত পৰিয়ালৰ লোক ক্ষুব্ধ হৈ পৰে। ইফালে মহিলাগৰাকীৰ অৱস্থা ক্ৰমাৎ অধিক সংকটজনক হৈ পৰাত চিকিৎসালয়খনত উত্তেজনপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে বিভিন্ন সংগঠনে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ অমিয়া কছাৰীৰ পৰা স্পষ্টীকৰণ বিচাৰে যদিও চিকিৎসকগৰাকী ওলাই নহাত পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰে। ইফালে সংকজনক অৱস্থাত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ আজি বিয়লি প্ৰায় ৪ বজাত মৃত্যু হয়। উল্লেখ যে চিকিৎসালয়খনত পূৰ্বতেও কেবাগৰাকী প্ৰসূতি মহিলাৰ এনেদৰে মৃত্যু হোৱা ঘটনাৰ পাছত চিকিৎসালয় খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।আজি চিকিৎসালয়খনত দণ্ডাধীশ উপস্থিত হৈ মহিলাগৰাকী মৃত্যু হোৱা বুলি ৰাইজ আৰু পৰিয়ালৰ লোকক অৱগত কৰি নৱজাতক শিশু দুটিক চিকিৎসালয় কৰ্তৃপক্ষই সুস্থ সবল হৈ নুঠালৈকে চিকিৎসাধীন অৱস্থাত ৰখাৰ নিৰ্দেশ দিয়ে। এই ঘটনা সন্দৰ্ভত চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ তুলি চিকিৎসালয় কৰ্তৃপক্ষইও লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

0 Comments:
Post a Comment