১৩ নৱেম্বৰত ৫ বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল


গুৱাহাটী,১৮ অক্টোবৰ : দেশৰ নির্বাচন আয়োগে অসমৰ ধলাই, চিডলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই উপ-নিৰ্বাচন সন্দৰ্ভত আজি জনতা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখনি সংবাদ মেল সম্বোধন কৰে। তেওঁ জানিবলৈ দিয়ে যে যোৱা লোকসভা নির্বাচনত উক্ত সমষ্টি কেইটাৰ বিধায়কসকল লোকসভালৈ নির্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বিধায়ক পদ ত্যাগ কৰাৰ  ফলত উক্ত ৫টা সমষ্টিত উপ-নির্বাচনৰ প্ৰাসংগিকতা আহি পৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে দেশৰ নির্বাচন আয়োগে উক্ত ৫টা সমষ্টিত উপ-নির্বাচনৰ দিন ঘোষণা কৰে। এই উপ-নির্বাচনৰ আজিৰ পৰা মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৫ অক্টোবৰ। অহা ১৩ নৱেম্বৰ তাৰিখৰ পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া চলিব। সেইদিনা ৫ বজাৰ ভিতৰত যিসকল লোকে ভোটদানৰ বাবে হোৱা শাৰীত থিয় দিব তেওঁলোকে ভোটদান কৰিব পাৰিব। ভোটদাতাসকলে নিজ নিজ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, দ্ৰাইভিং লাইচেঞ্চ, ফটো সংলগ্ন থকা পেন্সনৰ তথ্য, চৰকাৰী পৰিচয় পত্ৰ আদি লগত আনিলেও ভোটদান কৰিব পাৰিব। সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৫ টা সমষ্টিৰ ভোটদাতৰ সংখ্যা হ'ল ক্ৰমে- ধলা‌ই (এচ চি) সমষ্টিত - ১,৯৭,৬৪২ গৰাকী, চিডলী(এছ টি)ত ২,১৭,২৩৬ গৰাকী, বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১, ৩২, ৫৭৯ গৰাকী, চামগুৰি - ১, ৮০, ৮৫৪ গৰাকী। সৰ্বমুঠ ভোটাৰ হৈছে ৯,১০,৬৬৫ গৰাকী। 

সেইদৰে চৰকাৰী ভোটাৰ আছে - ধলাইত ৫৬৫ গৰাকী, চিডলীত ৬৭৭ গৰাকী, চামগুৰিত ২৯২ গৰাকী, বঙাইগাঁৱত ১১১৪ গৰাকী, বিহালীত ১৪৮ গৰাকী। মুঠ-২৭৯৬ গৰাকী। 

ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ক্ৰমে ধলাইত ২০৮টা, চিডলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, বিহালীত ১৫৪টা, চামগুৰিত ১৯৭ টাসহ মুঠ ১০৭৮টা ভোটগ্রহণ কেন্দ্ৰ। বিশেষ ভাৱে সক্ষম ভোটাৰ আছে ধলাই সমষ্টিত ১১২৫ গৰাকী, চিডলীত ১৭৭০গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ১৪৯ গৰাকী, চামগুৰিত ৬৭৯ গৰাকী। মুঠ ৪১৯৭ গৰাকী।  জ্যেষ্ঠ নাগৰিকৰ (৮৫ বছৰৰ উৰ্দ্ধ ভোটদাতা) সংখ্যা ধলাইত ৬৮৩ গৰাকী, চিডলীত ১০২৫ গৰাকী, বঙাইগাঁৱত ৪৭৪গৰাকী, বিহালীত ৪৮৮ গৰাকী, চামগুৰিত ১১১৮ গৰাকী। মুঠ ৩৭৮৮ গৰাকী। উপ-নিৰ্বাচন হ'বলগীয়া সমষ্টিৰ্ভুক্ত ৫ খন জিলা নগাঁও, বঙাইগাঁও, বিশ্বনাথ, চিৰাং, কাছাৰত মডেল ক’ড অফ কণ্ডাক্ট থাকিব। ক’ড অফ কণ্ডাক্ট থকা প্ৰতিখন জিলাত ইতিমধ্যে ৯ ফ্লাইং স্কোৱাডৰ টিম সাজু কৰা হৈছে। প্ৰতিটো সমষ্টিৰ সৰ্বমুঠ পোলিং ষ্টেচনৰ বিপৰীতে দুগুণ ইভিএম সাজু কৰা হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment