বিহালীৰ প্ৰাৰ্থীৰ বাবে অসম সন্মিলিত মঞ্চৰ ৫ জনীয়া কমিটি গঠন
গুৱাহাটী,১৮ অক্টোবৰঃ অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি ৫ জনীয়া কমিটি গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, অসম সন্মিলিত মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ গঠন কৰা এই কমিটিখনে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা কৰি এক প্ৰতিবেদন দাখিল কৰিব। 'অসম'ৰ আজিৰ বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত আছিল। 'অসম'ৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সঞ্চলনাত অনুষ্ঠিত বৈঠকখনত ১৮টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত চিপিএম, চিপিআই, চিপিআইএমএলকে ধৰি একাংশ নেতাই ২০২৬লৈকে মিত্ৰজোঁটৰ শক্তি অটুত ৰাখিবৰ বাবে বিহালী বিধানসভা সমষ্টিটোত চি পি আই এম এলৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিবেক দাসৰ নাম প্ৰস্তাৱ কৰে। একেদৰে অজিত কুমাৰ ভূঞাইয়ো বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰে। কংগ্ৰেছ দলৰ হৈ দেৱব্ৰত শইকীয়াই বক্তব্য প্ৰদান কৰে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ পৰামৰ্শ অনুযায়ী সভা পৰিচালনা কৰা 'অসম'ৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত এখন প্ৰতিবেদন কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিবৰ বাবে ওপৰত উল্লেখ কৰা ৫জন নেতাক লৈ কমিটিখন ঘোষণা কৰে। এই কমিটিখনে ১৯-২০ অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা।

0 Comments:
Post a Comment