ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ


গুৱাহাটী,৪ অক্টোবৰ : অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই । আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে মাথোঁ ভাষাটোৰ ধ্ৰুপদী স্বীকৃতি লাভতে সীমাৱদ্ধ নাথাকি অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰক পদক্ষেপ ল'বলৈ দাবী জনায়। সংবাদমেলত অনুৰূপা ডেকাৰজাই কয়, "আজি আমাৰ ভাষাটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে। এতিয়াৰ পৰা দেশ-বিদেশত অসমীয়া ভাষাৰ চৰ্চা হ'ব। ভাষাবিদ, গৱেষক সকলে অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিব। এয়া নিশ্চিত ভাবে আশাৰ বতৰা।" আনহাতে মাথোঁ এই স্বীকৃতি লাভৰ বাবে সন্তুষ্টি লাভ কৰিলেই নহ'ব, ভাষাটোক চিৰযুগমীয়া কৰিবৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহতো শীঘ্ৰেই অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ আপৰ নেত্ৰীগৰাকীয়ে দাবী জনায়। ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ ঘোষণা কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ বিষয়তো সৰৱ হয় আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে। তেওঁ কয়, "দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰিছে। কিন্তু এই সময়তে আমাৰ চৰকাৰে ৰাজ্যখনত অসমীয়া ভাষা মাধ্যমৰ ১,৬৭০ খন বিদ্যালয় বন্ধ কৰিছে। কিছুদিন পূৰ্বেও চৰকাৰে বিভিন্ন অজুহাতত অসমীয়া মাধ্যমৰ ২,২০০ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰিছে। তদুপৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাথমিক স্তৰতো অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰাৰ আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এনে সিদ্ধান্ত বৰ্জন কৰিব লাগিব।" সংবাদমেলত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই মাজুলী-যোৰহাট সংযোগী দলঙৰ কামৰ পুনৰ নিবিদা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰে। ২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম আৰম্ভ কৰা হৈছিল ২০২১ চনত। কিন্তু কাম আৰম্ভ কৰাৰ মাজতে কিছুদিন পূৰ্বে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে হঠাতে কাম বন্ধ কৰে। নিৰ্মাণৰ সামগ্ৰীও প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰা হয়। বিগত এমাহৰ বেছি দিন ধৰি কাম বন্ধ হৈ থকাৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ নেতাগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঠিকাৰ বাবে পুনৰ নিবিদা আহ্বানৰ সম্ভাৱনা ব্যক্ত কৰা সন্দৰ্ভত  নীলমণি শইকীয়াৰ প্ৰশ্ন - "এটা ঠিকাদাৰী গোটে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছত পুনৰ একেটা কামৰ বাবে নিবিদা বিচৰা সম্ভৱ নে? মাজুলী-যোৰহাট সংযোগী দলংখনক লৈ মাজুলী বাসীয়ে ৰাজনীতি হোৱাটো নিবিচাৰে। দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ স্বাৰ্থত সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাই অবিলম্বে নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা উচিত।" সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment