গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানৰ উদ‍্যোগত 'আয়ুস মন্ত্ৰালয়ৰ ১০০ দিনৰ কৃতিত্ব'


গুৱাহাটী,৫ অক্টোবৰ : ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানে (হোমিঅ'পেথি) আজি দিশপুৰ প্ৰেছ ক্লাৱত 'আয়ুস মন্ত্ৰালয়ৰ ১০০ দিনৰ কৃতিত্ব' শীৰ্ষক এখন সংবাদমেলৰ আয়োজন কৰে। জনস্বাস্থ্য উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানে (হোমিঅ'পেথি) কেইবাটাও ক্লিনিকেল প্ৰকল্প আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত এলাৰ্জিক নাকৰ ৰোগ, ক্ৰনিক আৰ্টিকেৰিয়া, হাইপ’থাইৰয়ডিজম, অৰ্শৰ ওপৰত অধ্যয়ন, আমচং অঞ্চলৰ চাহ বাগিচাৰ শ্ৰমিকৰ স্বাস্থ্য উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকল্প আদি উল্লেখযোগ্য। ইয়াৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৱে কেন্দ্রীয় হোমিঅ'পেথি গৱেষণা পৰিষদৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম যেনে ড্ৰাগ প্ৰুভিং প্ৰগ্ৰেম আৰু ক্লিনিকেল ভেৰিফিকেচন প্ৰগ্ৰেমো চলাই আছে। প্ৰতিষ্ঠানটোৱে যক্ষ্মা ৰোগ ধৰা পেলোৱা আৰু চিকিৎসা প্ৰদান কেন্দ্ৰও স্থাপন কৰিছে। ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানে সকলো কৰ্মদিনতে মাতৃ আৰু শিশুৰ বহির্বিভাগ আৰু সাধাৰণ বহির্বিভাগৰ সুবিধা প্ৰদান কৰিছে। সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাগাৰৰ তদন্তৰ লগতে বিনামূলীয়া পৰামৰ্শও প্ৰদান কৰে। ইয়াত দৰিদ্ৰ সীমাৰেখাৰ তলৰ (বিপিএল) ৰোগীসকলে বিনামূলীয়া সেৱা লাভ কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে পঞ্জীয়নৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই লাভ কৰে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানে (হোমিঅ'পেথি) বিশেষ সফলতা লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ এছ চি এছ পি প্ৰগ্ৰেমৰ অধীনত স্কুল হেল্থ প্ৰগ্ৰেম, হোমিঅ’পেথী ফ'ৰ হেল্থী চাইল্ড প্ৰগ্ৰেম আৰু স্বাস্থ‍্য শিবিৰ আদিয়ে প্ৰধান সফলতা লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত উদ্বোধন কৰা চাফাই মিত্ৰ স্বাস্থ্য শিবিৰ আৰু পুষ্টি শিক্ষা প্ৰদান কৰা পোষণ মাহ কাৰ্যসূচীয়ে এই ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। এই পদক্ষেপসমূহৰ অধীনত স্তনপান আৰু শিশুৰ পুষ্টিৰ দৰে বিষয়সমূহৰ ওপৰত বিভিন্ন স্বাস্থ্য সজাগতা আলোচনাৰ আয়োজন কৰা হৈছিল। যোৱা ১০০ দিনত গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান( হোমিঅ'পেথি)এ ক্লিনিকেল, মৌলিক আৰু ঔষধৰ মানকৰণৰ ক্ষেত্ৰত ৪৫টা নতুন গৱেষণামূলক অধ্যয়ন আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান যেনে ব্ৰিটেইনৰ ৰয়েল লণ্ডন হাস্পতাল অৱ ইন্টিগ্ৰেটেড মেডিচিনৰ সৈতে সহযোগিতা এক গুৰুত্বপূৰ্ণ কৃতিত্ব।  কেন্দ্রীয় গৱেষণা পৰিষদ হোমিঅ'পেথিয়ে ২০খন স্বাস্থ্য প্ৰতিষ্ঠানত আয়ুষ হস্পিতাল ব্যৱস্থাপনা তথ্য ব্যৱস্থা (এ-এইচএমআইএছ) ৰূপায়ণ কৰিছে। যোৱা ১০০ দিনৰ ভিতৰত ১ লাখ ৫০ হাজাৰৰো অধিক ৰোগী ইয়াত পঞ্জীয়নভুক্ত হৈছে। কেন্দ্রীয় হোমিঅ'পেথি গৱেষণা পৰিষদে ৪৯ খন ৱেবিনাৰ অনুষ্ঠিত কৰি বিশ্বজুৰি ১৬,০০০ৰো অধিক অংশগ্ৰহণকাৰীৰ কাষ চাপিছে। যাৰ ফলত আজি হোমিঅ'পেথিক চিকিৎসাই বিশ্বজনীন প্ৰসাৰতা লাভ কৰিছে। আজিৰ অনুষ্ঠান গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানৰ ( হোমিঅ'পেথি) ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অমূল‍্য ৰত্ন চাহুৰ অধ‍্যক্ষতাত অনুষ্ঠিত হয়। তেওঁৰ সৈতে উপস্থিত থাকে গৱেষক ডাঃ লিয়ি কাৰ্ছো আৰু ডাঃ মনীতৰ লগতে প্ৰতিষ্ঠানটোৰ অন‍্যান‍্য বিষয়ববীয়াসকল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment