অসম ৰাজ্যিক মহিলা আয়োগৰ পৰ্যালোচনা বৈঠক
নিউজ ডেক্স,৫ অক্টোবৰ : তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ডঃ হেমপ্ৰভা বৰঠাকুৰৰ অধ্যক্ষতাত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মহিলাসকলৰ বিভিন্ন সমস্যা, স্বাৱলম্বন, ঘৰুৱা অশান্তি, আইনী সাহায্য আদিৰ বিষয়ে আলোচনা কৰা হয়। নাৰীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে তেওঁলোকৰ যিকোনো সমস্যাৰ সমাধানৰ বাবে জিলা পৰ্যায়ত গঠিত সমিতিটোৱে যাতে সঠিক ৰূপত সকলোৰে সহযোগত কাম কৰিব পাৰে, সেই সম্পৰ্কেও আলোচনাত স্থান পায়। অধ্যক্ষগৰাকীয়ে নাৰীসকলক কেৱল ৰান্ধনীঘৰটোতে নিজকে আবদ্ধ কৰি নাৰাখি বাহিৰৰ জগতখনৰ লগতো সম্পৰ্ক ৰাখিবলৈ আহ্বান জনায়। এগৰাকী নাৰীৰ সফলতাত তেওঁৰ স্বামীৰো যে যথেষ্ট ভূমিকা আছে, সেই সম্পৰ্কেও অধ্যক্ষগৰাকীয়ে ব্যাখ্যা কৰে। তেখেতে খণ্ড উন্নয়ন বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়া, একাংশ এন জি অ'ৰ কৰ্মীয়ে মহিলাৰ উন্নয়নৰ বাবে কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব, সেই সম্পৰ্কেও মতামত লয়। আজিৰ বৈঠকত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংচ' আৰু হিতেশ বড়ো, খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰী, উপ-আৰক্ষী অধীক্ষক বাপুকণ মৰাং আদিৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, এন জি অ'ৰ কৰ্মী আদি উপস্থিত আছিল বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

0 Comments:
Post a Comment