অসমৰ প্ৰণৱজ্যোতি নাথ কেৰালাৰ নতুন নিৰ্বাচন আয়ুক্ত


গুৱাহাটী,২৬ অক্টোবৰ : অসম সন্তান ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া প্ৰণৱজ্যোতি নাথক কেৰালাৰ মুখ্য নির্বাচনী বিষয়া নিযুক্তি দিয়া হৈছে। ২০০৫ বেছৰ কেৰালা কেডাৰৰ আই এ এছ বিষয়া প্ৰণৱজ্যোতি নাথক দেশৰ নিৰ্বাচন আয়োগে এটা নির্দেশনা যোগে ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পদত নিযুক্তি প্ৰদান কৰে। কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পদটো বিগত ৩০ আগষ্টৰ পৰা খালী হৈ থকাত ৰাজ্য চৰকাৰে চি ই অ' পদটোৰ বাবে কেইবাজনো জ্যেষ্ঠ প্রশাসনিক বিষয়াৰ এখন তালিকা দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছিল। ইতিপূর্বে নির্বাচন আয়োগে ৰাজ্য চৰকাৰৰ দুখন তালিকা নাকচ কৰাৰ পাছত সোমবাৰে তিনিজনীয়া বিষয়াৰ তৃতীয়খন তালিকাৰ পৰা প্ৰণৱজ্যোতি নাথক নতুন মুখ্য নিৰ্বাচনী বিষয়া পদৰ বাবে বাছনি কৰে। আই এ এছ বিষয়া প্ৰণৱজ্যোতি নাথ বৰ্তমান কেৰালাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে সংখ্যালঘু কল্যাণ বিভাগৰ সচিব পদত কাৰ্য নিৰ্বাহ কৰি আছিল যদিও নির্বাচন আয়োগে উক্ত পদৰ পৰা অব্যাহতি দিয়াৰ বাবে কেৰালাৰ মুখ্য সচিব সাৰদা মুৰলীধৰণক নিৰ্দেশ প্রদান কৰিছে। উল্লেখ্য, দেশৰ কেইবাটাও সমষ্টিৰ লগতে কেৰালাতো এতিয়া উপ-নির্বাচন অনুষ্ঠিত হৈছে। কেৰালাৰ ৱেইনাড় লোকসভা সমষ্টিৰ লগতে দুটা বিধানসভা সমষ্টিতো উপ-নির্বাচন অনুষ্ঠিত হৈছে। পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৱেইনাড় লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ অন্যতম হাইকামাণ্ড প্রিয়ংকা গান্ধীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এতিয়া অসম সন্তান প্ৰণৱজ্যোতি নাথে মুখ্য নির্বাচনী বিষয়া হিচাপে প্রিয়ংকা গান্ধীৰ নিৰ্বাচন পৰিচালনাৰ গুৰু দায়িত্ব কৰিব। লক্ষণীয়ভাৱে পূৰ্বে প্ৰণৱজ্যোতি নাথে ওড়িশাতো ডেপুটেশ্বনত কৰ্মৰত আছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র প্ৰণৱজ্যোতি নাথ এজন কবি হিচাপে পৰিচিত। ২০২২ চনত গুৱাহাটী টাউন ক্লাবত নাথৰ ‘শালভঞ্জিকা ম‍ই জানো, তুমি সকলো ঋতুৰে’ শীর্ষক এখন কবিতা পুথি উন্মোচন কৰা হৈছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment