নিউজ ডেক্স,৬ নবেম্বৰ : সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ'ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ। ১৯৪৬ চনত ১৪ জুনত জন্ম গ্ৰহণ কৰা ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। ২০২১ চনৰ লৈকে তেওঁ এই দায়িত্বত আছিল। বিতৰ্কৰ মাজত সোমাই পৰা ট্ৰাম্পৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে ৫০ শতাংশৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। ট্ৰাম্পৰ জয়ী খবৰ পোৱা পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক শুভেচ্ছা জনায়।
%20(3).jpeg)
0 Comments:
Post a Comment