লখিমপুৰ পলিটেকনিকৰ ছাত্ৰী নিবাসত নিশা দুবৃৰ্ত্তৰ সন্ত্ৰাস, নিৰাপত্তাহীনতাত অৰ্ধ শতাধিক ছাত্ৰী


লখিমপুৰ,৭ নৱেম্বৰ : লখিমপুৰৰ নাৰায়ণপুৰত থকা জিলাখনৰ একমাত্ৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান তথা লখিমপুৰ পলিটেকনিকৰ ছাত্ৰী নিবাসত এতিয়া নিশা দুবৃৰ্ত্তই সন্ত্ৰাস চলাই অহাত ইয়াৰ আৱাসী ছাত্ৰীসকল শংকিত হৈ পৰিছে। নিশা প্ৰায়ে দুবৃৰ্ত্তই ইয়াৰ আৱাসী সকলক ভয় খুৱাই অহাৰ পিছতো ছাত্ৰীবাসৰ কতৃৰ্পক্ষই এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাত একাংশ ছাত্ৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আজি ছাত্ৰীসকলে কতৃৰ্পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰম আতংক আৰু নিৰাপত্তাহীনতাত ভোগা ছাত্ৰীসকলে কয় যে ছাত্ৰীনিবাসৰ চৌদিশে বিদ্যুৎৰ পোহৰ নোহোৱাৰ বাবে আন্ধাৰৰ সুযোগ লৈ দুবৃৰ্ত্তই আতংকৰ সৃষ্টি কৰি আহিছে। মঙলবাৰে নিশা হোষ্টেল চৌহদত আন্ধাৰৰ সুযোগ লৈ কোনো দুবৃৰ্ত্ত প্ৰৱেশ কৰাৰ লগতে ধূমপান, মদ্যপান কৰাৰ কথা ছাত্ৰীসকলে জানিব পাৰি আতংকিত হৈ পৰাৰ পিছত বুধবাৰে নিশাও হোষ্টেল চৌহদত কোনো দুবৃৰ্ত্তই প্ৰৱেশ কৰাৰ বিষয়ে ছাত্ৰীসকলে জানিব পৰাত তেওঁলোকে কতৃৰ্পক্ষক জনোৱাৰ পিছত কতৃৰ্পক্ষ অহাৰ পূৰ্বেই আন্ধাৰৰ সুযোগ লৈ ঘন জংঘলৰ মাজেৰে দুবৃৰ্ত্তই পলাই সাৰিবলৈ সক্ষম হয়৷ ছাত্ৰী নিবাসটোৰ চৌহদ হাবি জংঘলেৰে ভৰি থকাৰ লগতে সন্মুখৰ চি চি টিভিৰ কেমেৰা কেইটাও নিম্ন মানৰ হোৱাৰ বাবে কেমেৰাত দুবৃৰ্ত্তৰ কোনো কাৰ্যকলাপ ধৰা নপৰে৷ হোষ্টেল চৌহদত নিশা আন্ধাৰৰ সুযোগ লৈ প্ৰায়ে দুবৃৰ্ত্তই এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে যদিও ছাত্ৰীসকলে কতৃৰ্পক্ষক অৱগত কৰাৰ পিছতো কতৃৰ্পক্ষই ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপিত হৈছে। তেওঁলোকে এতিয়া অসুৰক্ষিত অনুভৱ কৰাত চৰম আতংকত ভুগিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰৰ গোসাইবাৰীত থকা লখিমপুৰ পলিটেকনিকৰ কনকলতা গাৰ্লচ হোষ্টেলত প্ৰায়ে দুবৃৰ্ত্তই এনেদৰে উপদ্ৰৱ চলাই আহিছে৷ কেতিয়াবা কেতিয়াবা দুবৃৰ্ত্তই নিশা হোষ্টেললৈ প্ৰায়ে টৰ্চ মাৰি ছাত্ৰীসকলক ভীতিগ্ৰস্তও কৰি আহিছে বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে সম্প্ৰতি হোষ্টেলটোত ৫৬ গৰাকী ছাত্ৰী আৱাসী হিচাপে আছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment