হিংসা জৰ্জৰিত চামগুৰিত আপৰ সভাপতি মনোজ ধানোৱাৰৰ প্ৰচাৰ


নিউজ ডেক্স,১১ অক্টোবৰ : উপনিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা চামগুৰি বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আজি সমষ্টিটোৰ ২ নং ভাটীয়াখালিত অনুষ্ঠিত নিৰ্বাচনী সমাবেশত আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে দুয়োগৰাকী নেতাই ভাষণ দিয়ে। সমষ্টিবাসীৰ সৰ্বাংগীন বিকাশ আৰু  পৰিবৰ্তনৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। সমষ্টিটোত অব্যাহত হিংসাৰ ৰাজনীতিৰ অৱসান আৰু কংগ্ৰেছ - বিজেপিৰ বিভেদৰ নীতিৰ বিৰুদ্ধে চামগুৰি বাসীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আনহাতে, আজি বৰ্মা বজাৰত আপৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ উপস্থিতিত মুকলি কৰা হয় চামগুৰি বাসীৰ বাবে কেজৰিৱালৰ ৫ টা গেৰাণ্টি সম্বলিত কাৰ্ড। সংবাদমেলত গেৰাণ্টি কাৰ্ড মুকলি কৰি দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয়, " চামগুৰিৰ ৰাইজে হিংসা - সন্ত্ৰাস নিবিচাৰে। দীৰ্ঘদিনে সমষ্টিটোত প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ হতাশ হৈছে। তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰতো বিফল হৈছে । সেইবাবেই আমি আম আদমী পাৰ্টিয়ে  কেজৰিৱালৰ ৫ টা গেৰাণ্টি মুকলি কৰিছোঁ। আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী বিজয়ী এই গেৰাণ্টি আমি ৰূপায়ন কৰিম।" দলৰ প্ৰাৰ্থী চৌধুৰীয়ে গেৰাণ্টি কাৰ্ডত উল্লেখ কৰা অনুসৰি কাম কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে চামগুৰিৰ ৰাইজৰ বাবে মুকলি কৰা এই গেৰাণ্টি কাৰ্ডত সমষ্টিটোত উন্নত মানৰ শিক্ষানুষ্ঠান নিৰ্মাণ, সকলো সুবিধা থকা হাস্পতাল নিৰ্মাণ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, ভয়-ভাবুকিৰ পৰিবেশৰ অৱসান আৰু চৰকাৰী কাৰ্যালয়ত কামৰ পৰিবেশ নিকা, দুৰ্নীতিমুক্ত কৰাৰ লগতে দালাল ৰাজৰ অৱসান সুনিশ্চিত কৰিব। লক্ষ্যণীয় বিষয় যে যি সময়ত চামগুৰি বিধান সভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ নেতা কৰ্মী সকলে নিৰ্বাচনী প্ৰচাৰৰ নামত হিংসা, সন্ত্ৰাসৰ ভয়াবহ পৰিস্হিতিৰ সৃষ্টি কৰিছে, তেনে সময়তে আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment