কামৰূপ মহানগৰ জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান সম্পন্ন


গুৱাহাটী,১১ নৱেম্বৰ : ৰাষ্ট্ৰীয়  কুষ্ঠৰোগ নিৰ্মূলকৰন আঁচনিৰ অধীনত সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাতো ৫ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ হৈছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে যিসকল কুষ্ঠৰোগী চিকিৎসকৰ ওচৰলৈ নহাকৈ ঘৰতে ৰোগটো গোপনে ৰাখে, সেইসকল ৰোগীক চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদানৰ দ্বাৰা ৰোগ নিৰ্মূল কৰা। কুষ্ঠৰোগ এটা বিশেষ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। উপযুক্ত চিকিৎসাৰ দ্বাৰা এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি। উল্লেখযোগ্য যে ভাৰত চৰকাৰে "ৰাষ্ট্ৰীয়  কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনি"ৰ জৰিয়তে  ২০২৭ চনৰ ভিতৰত ভাৰতবৰ্ষক কুষ্ঠমুক্ত দেশ কৰিবৰ বাবে লক্ষ্য  কৰি লৈছৈ। সেই উদ্দেশ্যৰে এই "কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান"ৰ প্ৰথম পদক্ষেপ হিচাপে ৰাজ্যৰ ১১ খন জিলাৰ ভিতৰত কামৰূপ  মহানগৰ জিলাত আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য  বিভাগৰ ফালৰ পৰা ৭৯০ টা দল আৰু ১৬০ জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। প্ৰতিটো দলত এগৰাকী আশাকৰ্মী আৰু এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্হ্যকৰ্মী নিয়োগ কৰা হৈছে।সকলো চৰকাৰী চিকৎিসালয়তে এই ৰোগৰ ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ পোৱাৰ ব্যৱস্থা আছে। কামৰূপ মহানগৰ জিলা কুষ্ঠ কোষ,মাণ্ডলিক কুষ্ঠ বিষয়াৰ সৌজন্যত যুটীয়া স্বাস্হ্য সেৱা সঞ্চালক, কামৰূপ মহানগৰ জিলাৰ তত্ত্বাবধানত এই অভিযান সম্পন্ন কৰা হৈছে। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment